newsnextone.com।মৰিয়নীঃ সোমবাৰে দুপৰীয়া প্ৰায় ২.১৫ বজাৰ পৰা মৰিয়নী আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ৰ পৰা নাতি দূৰত মৰিয়নী এন এচ ইউ আই আঞ্চলিক সমিতিৰ যোৰহাট আঞ্চলিকৰ লগতে মৰিয়নী ৰাইজৰ সহযোগত পথ অৱৰোধ কায্যসূচী পালন কৰে৷ সঘনাই সংবাদ শিৰোনামা দখল কৰা হাতী মানুহৰ সংঘাতৰ বিৰুদ্ধে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

যোৱা ২২আগষ্ট তাৰিখে সমগ্ৰ দেশবাসীয়ে ঈদৰ আনন্দ উল্লাসত ব্যস্ত থকা সময়তে কেনেডী পাৰ্কৰ নিবাসী প্ৰশান্ত বিশ্বাস নামৰ এগৰাকী ব্যক্তিয়ে হাতীৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হবলগা হয়৷ অসম চৰকাৰৰ বিয়াগোম বন বিভাগে হাতীৰ আক্ৰমণত আহত হোৱা ব্যক্তিগৰাকীলৈ মুকলি কৰি দিয়ে মাত্ৰ তিনি হাজাৰ টকা৷ তাতে পৰিয়ালটোৰ ঘৰত আত্মীয় বুলি আছে দুৰাৰোগ্য ৰোগত আক্ৰান্ত প্ৰশান্ত বিশ্বাসৰ কন্যা৷

ৰোগাক্ৰান্ত কন্যাই ৰাজপথত প্ৰতিবাদ কৰাৰ পাছত যোৰহাটৰ জেষ্ঠ বন বিষয়া(dfo)আহি প্ৰতিবাদস্থলীত উপস্থিত হবলৈ  লাগিল সুদীৰ্ঘ ৩ ঘন্টাতকৈ অধিক সময়৷ তেওঁৰ সলনি মৰিয়নী আঞ্চলিক বন বিভাগৰ কায্যলয়ৰ এজনো নিম্নব্গৰ কৰ্মচাৰী আহিও খবৰ লবলৈ সময় নহল৷ বন বিষয়া (DFO)জনে প্ৰতিবাদকাৰীক কথা দিয়াত সাময়িক ভাৱে প্ৰতিবাদ উঠাই লয়৷ সুদীৰ্ঘ ৩ ঘন্টাতকৈ অধিক সময় ৰাজপথত ছাত্ৰ-ছাত্ৰীসকলেও বহি থাকিল কিন্তূ সময় নহল স্থানীয় ৰাজহচক্ৰ বিষয়াৰ৷

এইখিনিতে উল্লেখ কৰিব লাগিব আহত প্ৰশান্ত বিশ্বাসৰ সকলো চিকিৎসাৰ খৰচ মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বহন কৰি আহিছে৷ আগন্তুক দিনত চৰকাৰে যদি কোনো পদক্ষেপ নলয়৷ তেন্তে বিধায়কে তেওঁৰ সম্পূৰ্ণ চিকিৎসাৰ বিল বহন কৰিব বুলিও জানিবলৈ দিয়ে৷