এজন ব্যক্তিৰ মূৰত থকা চুলিৰ সংখ্যা হিচাপ কৰি শেষ কৰিব পাৰিবনে? বা আপুনি ক্ৰয় কৰি অনা এক কিঃগ্ৰাঃ চাউলত কিমানটা চাউল আছে বুলি যদি প্ৰশ্ন কৰা হয় সেই প্ৰশ্নৰ উত্তৰ আপুনি কি দিব? কাৰোবাৰ নাকনি কাননি কৰিবলৈ এইকেইটা প্ৰশ্নই হয়তো যথেষ্ট।
বিশ্বত মুঠ চৰাইৰ সংখ্যা কিমান আছে। লগে লগে ইয়াৰ উত্তৰটো দিয়া সহজ নহ’লেও আপুনি কিন্তু সেই প্ৰশ্নৰ উত্তৰ বিচাৰি উলিওৱাটো সম্পূৰ্ণৰূপে অসম্ভৱ কাম নহয়। চৰাইৰ সলনি যদি আপোনাক কোৱা হয় যে বিশ্বত থকা পৰুৱাৰ হিচাপ লাগে তেন্তে আপুনি তাৰ উত্তৰ কি দিব? এই প্ৰশ্ন সোধাজনক আপুনি হয়তো পোনতে পাগল বুলিও ভাৱিব! কিন্তু আচৰিত যেন লগা এই প্ৰশ্নটোৰ উত্তৰ হিচাপ কৰি উলিয়াইছে বিজ্ঞানীয়ে।
বিশ্বত যিমান পৰুৱা আছে সেই সংখ্যা হিচাপ কৰোতে আপোনাৰ বয়স ভটিয়াই যাব। সেয়ে বিজ্ঞানীয়ে কৈছে যে এই হিচাপ তেওঁলোকে অন্য পন্থাৰে কৰিছে। বিশ্বত পৰুৱা মিলিয়ন, বিলিয়ন, ত্ৰিলিয়নত নহয় পৰুৱা আছে কোৱাড্ৰিলিয়নত। বিশ্বত মুঠ ২০ কোৱাড্ৰিলিয়ন পৰুৱা আছে বুলি দাবী কৰিছে এদল বিজ্ঞানীয়ে। ২০ কোৱাড্ৰিলিয়ন যদি সংখ্যাৰে লিখা হয় সেই সংখ্যা হয়গৈ ২০,০০০,০০০,০০০,০০০,০০০! ২০ৰ পিঠিত ১৫টা শূন্য।
২০২২ চনত নেশ্যনেল একাডেমী অৱ ছায়েন্সৰ জাৰ্নেলত প্ৰকাশিত তথ্য অনুসৰি বিগত হিচাপৰ তুলনাত ২ৰ পৰা ২০ গুণ বেছি বাঢ়ি গৈছে পৰুৱাৰ সংখ্যা। এই ২০ৰ পিঠিত ১৫টা শূন্যৰ হিচাপৰ মুঠ পৰুৱাৰ যদি ভৰ জোখা হয় তেন্তে জৈৱভৰ হয়গৈ ১২মিলিয়ন টন। অন্যহাতে বন্য স্তনপায়ী প্ৰাণী আৰু চৰাইৰ সন্মিলিত জৈৱভৰ ক্ৰমে দুই মিলিয়ন টন আৰু ৭ মিলিয়ন টন। বিশ্বৰ সমস্ত পৰুৱাৰ সন্মিলীত জৈৱভৰ মানুহৰ জৈৱভৰৰ ২০ শতাংশ। বায়মাছ বা জৈৱভৰ হৈছে সমস্ত প্ৰাণীৰ কাৰ্বনৰ মুঠ ওজন।
হংকং ইউনিভাৰ্ছিটি আৰু জাৰ্মানীৰ জুলিয়াছ মেক্সিমিলিয়ান ইউনিভাৰ্ছিটি অৱ ৱাৰ্জবাৰ্গৰ গৱেষকে পৰুৱা সম্পৰ্কিত অসংখ্য গৱেষণা আৰু পৰীক্ষা কৰিছে। পৰুৱা অধ্যুষিত সমস্ত মহাদেশ আৰু উল্লেখযোগ্য কিছুমান এলেকাত পৰুৱাৰ সংখ্যা নিৰ্ধাৰণ কৰি বিশেষ সংকলন প্ৰস্তুত কৰি উলিয়াইছে। প্ৰকাশিত সংকলনত গৱেষণাৰ প্ৰধান গৱেষক পেট্ৰিক শুলথাইছে উল্লেখ কৰিছে, ‘আমাৰ অনুমানমতে বিশ্বব্যাপী পৰুৱাৰ জনসংখ্যা ২০ কোৱাড্ৰিলিয়ন। মানে ২০ৰ পাছত ১৫টা শূন্য। বিষয়টো উপলব্ধি কৰা ভাবি চোৱাটোও বেছ কঠিন বিষয়।’
পৰুৱাই জীৱজগতৰ সকলোতকৈ সমৃদ্ধিশালী আৰু শক্তিশালী গোষ্ঠীসমূহৰ ভিতৰত অন্যতম। পৰুৱাৰ উচ্চমানৰ সামাজিক সংগঠনৰ কাৰণে এই গ্ৰহৰ প্ৰায় সমস্ত বাস্তুতন্ত্ৰ আৰু ভৌগোলিক এলেকাত পৰুৱাই উপনিৱেশ গঢ়ি তুলিব পাৰে। পৰুৱাই বিভিন্ন প্ৰাণীৰ সৈতে ঘনিষ্ঠ সম্পৰ্কও গঢ়ি তুলিব পাৰে। উদাহৰণস্বৰূপে গছপাত, ঘৰৰ বেৰ, অন্য কোনো মেৰুদণ্ডী প্ৰাণী।
পৰুৱা সংৰক্ষণ যদি কৰিব লাগে তেন্তে পৰুৱাৰ মুঠ সংখ্যা জনাটো গুৰুত্বপূৰ্ণ। পুষ্টিচক্ৰক ব্যাপকভাৱে প্ৰভাৱিত কৰি আহিছে পৰুৱাই। উদ্ভিদৰ বীজ এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিয়াতো পৰুৱাৰ ভূমিকা আছে বা এটা বীজ এৰুৱাই তাক গজিবলৈ সুবিধা কৰি দিয়াটোতো পৰুৱাই গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে।
সমগ্ৰ বিশ্বত অগনণভাৱে পৰুৱা সিঁচৰতি হৈ আছে। গ্ৰীষ্মপ্ৰভাৱিত এলেকাত পৰুৱাৰ সংখ্যা বেছি। বিশেষকৈ বনাঞ্চলত প্ৰচুৰ পৰিমাণে পৰুৱা থাকে আৰু আশ্চৰ্যজনকভাৱেই শুষ্ক অঞ্চলতো পৰুৱা পোৱা যায়। মানুহে তৈয়াৰ কৰা আৱাসস্থলত সাধাৰণতে বেছিকৈ পৰুৱা নাথাকে। আনহাতে পৰুৱা নাথাকিলেও পচন আৰু কীটপতংগ নিয়ন্ত্ৰণৰ দৰে কামসমূহ প্ৰাকৃতিকভাৱে প্ৰভাৱিত হয়।
গৱেষকে এই বিশ্লেষণাত্মক গ্ৰন্থত উল্লেখ কৰিছে যে, জৈৱ বৈচিত্ৰ্যৰ প্ৰতি মানুহৰ অৱহেলা দিনকদিনে বৃদ্ধি পাইছে। সেয়ে ভাৰসাম্যৰ দিশৰ পৰা ক্ৰমে ভাৰসাম্যহীন হৈ পৰিছে পৃথিৱী। পৰুৱাৰ সংখ্যা অস্বাভাৱিক বৃদ্ধি সময়ৰ সৈতে জলবায়ু পৰিৱৰ্তনৰে প্ৰভাৱ বুলি জনাইছে বিজ্ঞানীয়ে।
ফায়াৰ এণ্টছ নামৰ এবিধ পৰুৱা বিশ্বৰ কেইবাটাও প্ৰান্তত আছে। এই পৰুৱাৰ প্ৰজাতি কিন্তু আক্ৰমণাত্মক। এই পৰুৱাই জৈৱ বৈচিত্ৰ্যৰ ক্ষতিহে কৰে। এই পৰুৱাৰ সংখ্যা বঢ়াটোও বিপদ আৰু কমি যোৱাটোও পৰিবেশতন্ত্ৰৰ বাবে ক্ষতিকৰ। যিমানেই ক্ষুদ্ৰ নহওক কিয় পৃথিৱীত বৰ্তি থকাৰ বাবে এই গ্ৰহত টিপিলেই মৃত্যু হোৱা পৰুৱাটোৰো আছে বিশেষ প্ৰয়োজনীয়তা।