কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত দিনজোৰা কাৰ্যসূচী

গুৱাহাটী,১২ জানুৱাৰীঃ বিশ্বৰ বৃহত্তম যুৱ ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ শ্ৰেষ্ঠতম যুৱ পথ প্ৰদৰ্শক তথা মণিষী স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী ১২ জানুৱাৰীৰ দিনটো প্ৰতি বছৰে “ৰাষ্ট্ৰীয় যুৱ দিৱস“ হিচাপে পালন কৰি অহা হৈছে৷ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰণালয়ৰ অধীনস্থ নেহৰু যুৱ কেন্দ্ৰ,কামৰূপ মহানগৰৰ উদ্যোগত মহানগৰীৰ ছয়মাইলস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে “ৰাষ্ট্ৰীয় যুৱ দিৱস“ পালন কৰা হয়৷অনুস্থানৰ শুভাৰম্ভণি বন্তি প্ৰজ্বলনেৰে কৰে কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষা ড° শিখামনি কোৱৰে৷অনুস্থানত স্বামী বিবেকানন্দৰ জীৱন আৰু দৰ্শনৰ ওপৰত আলোচনা কৰা হয়৷অনুস্থানত আলোচক আৰু অতিথি হিচাপে উপস্থিত থাকে ইউ এচ টি এম বিশ্ববিদ্যালয়ৰ অধ্যাপক ক্ৰমে ড° মোহম্মদ জাকি চেমিম,আৰু ড° মনোজ প্ৰহ্লাদ নিগাদকাৰে৷দিনৰ ভাগত“স্বাধীনতাৰ মুক্তিযোদ্ধা“ শীৰ্ষক এখনি বক্তৃতা প্ৰতিযোগিতা অনুস্থিত হয়৷তাৰ ঠিক পিছতেই অনুস্থিত হয় বাৰেৰহণীয়া সাংস্কৃতিক প্ৰদৰ্শন৷অনুস্থানত উপস্থিত থাকে নেহৰু যুৱ কেন্দ্ৰৰ সহকাৰী নিৰ্দেশক মায়া শংকৰ বাৰ্মা আৰু কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ প্ৰবক্তা ড° নুৰুল ইছলাম৷আজিৰ এই যুৱ দিৱসত কোভিডকালীন নিয়মানুৱৰ্তিতা পালন কৰি প্ৰায় ৬০ গৰাকী যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে৷অনুস্থানৰ অন্তত বিজয়ীসকলক বটা বিতৰণ কৰা হয়৷