চৰকাৰী আচনিৰ সুবিধা লাভৰ বাবে সজাগতাৰ প্ৰয়াস

গুৱাহাটী,২০ ফেব্ৰুৱাৰীঃভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰণালয়ৰ উদ্যোগত আৰু ক্ৰেপস্কুল সমিতিৰ সহযোগত মহানগৰীৰ শালবাৰীত অনুস্থিত হয় জিলা পৰ্যায়ৰ সমীপৱৰ্তী যুৱ সংসদৰ৷যুৱক যুৱতী আৰু মহিলাসকলক চৰকাৰী বিভিন্ন আচনিৰ বিষয়ে সজাগ কৰোৱাৰ লগতে স্ব-নিৰ্ভৰশীলতাৰ বাবে উদ্গনি জগোৱা আৰু যুৱ সমাজক দিগদৰ্শন প্ৰদান কৰাই এই অনুস্থানৰ মূল উদ্দেশ্য৷নেহৰু যুৱ কেন্দ্ৰ কামৰূপ মহানগৰে আয়োজন কৰা এই অনুস্থান বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে নেহৰু যুৱ কেন্দ্ৰৰ ৰাজ্যিক নিৰ্দেশক চঈদ আলীয়ে৷সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুস্থানটিত মূখ্য বক্তা হিচাপে উপস্থিত থাকে জিলা উদ্যোগ কেন্দ্ৰৰ(DIC) সম্প্ৰসাৰণ বিষয়া বিৰিঞ্চি পাঠকে৷ পাঠকে মহিলা আৰু যুৱকসকলক ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ বাবে আগ্ৰহী হবলৈ আহ্বান জনায়৷তেখেতে বিভিন্ন চৰকাৰী আচনি আৰু বেংকৰ ঋণ লাভৰ উপায় সম্পৰ্কে বাখ্যা কৰে৷অনুস্থানটিত বক্তা হিচাপে উপস্থিত থাকে শিক্ষক আব্দুল আজীজ চৌধুৰী,নেহৰু যুৱ কেন্দ্ৰ কামৰূপ মহানগৰৰ জিলা যুৱ বিষয়া চয়ন শুক্লবৈদ্য আদিয়ে৷অনুস্থানটিত প্ৰায় শতাধিক যুৱক-যুৱতী আৰু মহিলাই অংশগ্ৰহণ কৰে৷