♦ ওদালগুৰি জলসিঞ্চন বিভাগত যোগদান কৰিবলৈ আহিল ৫৪ গৰাকী প্ৰাৰ্থী

♦ সাংবাদিকক দেখিয়েই পলাই পত্ৰং প্ৰাৰ্থীৰ দলটো

ওদালগুৰিঃ দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ দিন দেওবাৰে ঘোষণা হোৱাৰ লগে লগে সমগ্ৰ দেশতে বলৱৎ হ'ল নিৰ্বাচনী আচৰণ বিধি। ফলত বন্ধ হৈ পৰিল নতুন নিযুক্তিকে ধৰি নতুন নতুন আঁচনিৰ শুভাৰম্ভণি।

ইয়াৰ মাজতে সোমবাৰে ওদালগুৰিত সংঘটিত হ'ল নাভুত-নাশ্ৰুত কাণ্ড। নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ পিছদিনাই ওদালগুৰি ধনশিৰি জলসিঞ্চন বিভাগ চৌহদত দেখা গ'ল বিভাগটোত যোগদান কৰিবলৈ অহা প্ৰাৰ্থীৰ হেতাওপৰা। 

হাতে হাতে নিযুক্তি-পত্ৰ লৈ Section Assistant পদত যোগদানৰ বাবে আহিল মুঠ ৫৪ গৰাকী প্ৰাৰ্থী। ইয়াৰ ভিতৰত কেনেল একত ১৫ জন আৰু কেনেল দুইত ২০ জনৰ লগতে কিছুসংখ্যক প্ৰাৰ্থী আছিল মেকানিকেল শাখাত।

জানিব পৰা মতে নিৰ্বাচনী অধিসূচনাৰ বাবে নতুন নিযুক্তি বন্ধ হোৱাৰ খবৰ লাভ কৰিও বৃহৎ অংকৰ ধনৰ লেনদেনত নিৰ্বাচনী অধিসূচনাৰ আগৰ তাৰিখ (বেক ডেট)ত নিযুক্তিৰ যো-জা চলোৱা হৈছিল। 

ঘটনাৰ বিষয়ে অৱগত হৈ বিভাগীয় বিষয়াই চাকৰিত যোগদানৰ বাবে বাধা দিয়াত পৰিৱেশ অন্য দিশে গতি কৰিছিল। ইয়াৰ পাছত উপস্থিত ৰাইজৰ প্ৰতিক্ৰিয়াৰ উমান পাই ঘটনাস্থলীত কাৰ্যবাহী দণ্ডাধীশ উপস্থিত হৈ সমগ্ৰ যোগদান প্ৰক্ৰিয়া বন্ধৰ নিৰ্দেশ দিয়ে।

আন এক উল্লেখনীয় বিষয় এয়ে যে বিধানসভাৰ কাৰ পাছ থকা বিলাসী বাহনেৰে যোগদান কৰিবলৈ অহা প্ৰাৰ্থীসকলে ঘটনাস্থলীত সাংবাদিক উপস্থিত হোৱা দেখি পলাই পত্ৰং দিয়ে। ইফালে কাৰ্যালয়ৰ সূত্ৰ‌ই সাংবাদিকক জানিবলৈ দিয়া অনুসৰি উক্ত পদসমূহৰ বাবে পূৰ্বেই বিজ্ঞাপন প্ৰকাশ হৈছিল যদিও গোচৰৰ বাবে সমগ্ৰ প্ৰক্ৰিয়াটো বন্ধ হৈ আছিল।

কিন্তু নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ পাছত পূৰ্বৰ তাৰিখত যোগদান কৰিবলৈ অহা বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰিছে।

আনফালে বিধানসভাৰ কাৰ পাছ থকা বিলাসী বাহনত উঠি যোগদান কৰিবলৈ অহা বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি এইক্ষেত্ৰত যে কোনো ৰাজনৈতিক নেতাৰ হস্তক্ষেপ যে নাই তাকো নুই কৰিব নোৱাৰি। বি টি চিত নিযুক্তিৰ ক্ষেত্ৰত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ দিৰ্ঘদিন ধৰি উত্থাপিত হৈ অহাৰ সময়তে আজি সংঘটিত হোৱা এই ঘটনাই নিযুক্তিৰ ক্ষেত্ৰত অনিয়ম হোৱাটোকেই প্ৰতিপন্ন কৰিছে।