39
ওদালগুৰিঃ শনিবাৰে ঘোষণা হোৱাৰ সম্ভাৱণা আছে বিজেপিৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী-তালিকা। ইয়াৰ মাজতে মংগলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থীক লৈ ওদালগুৰিকে ধৰি লোকসভা সমষ্টিটোৰ ভিন্ন প্ৰান্তত চলিছে ব্যাপক চৰ্চা।
উল্লেখ্য যে বিগত দুটাকৈ লোকসভা নিৰ্বাচনত ৮ নম্বৰ মংগলদৈ লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হিচাপে ৰমেন ডেকাই জয়লাভ কৰি দহ বছৰ প্ৰতিনিধিত্ব কৰিলে সমষ্টিটোক। কিন্তু এইবাৰ সমষ্টিটোত ৰমেন ডেকাৰ প্ৰাৰ্থিত্বক লৈ বিভিন্ন মহলত চলিছে ভিন্ন চৰ্চা।