নতুন দিল্লীঃ ৰাজস্থানৰ কোটা লোকসভা সমষ্টিৰপৰা তৃতীয়বাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হোৱা বিজেপিৰ সাংসদ ঔম বিৰলা লোকসভাৰ নতুন অধ্যক্ষ৷ তেওঁৰ প্ৰাৰ্থীত্বক বিৰোধীয়ে প্ৰত্যাহ্বান নজনালে৷

কংগ্ৰেছ নেতা ৰাম নাৰায়ন মীনাক ২.৮ লাখ ভোটত পৰাস্ত কৰা ঔম বিৰলা বিজেপিৰ সভাপতি তথা গৃহমন্ত্ৰী অমিত শ্বাহৰ অতি ঘনিষ্ঠ৷

১৯৬২ চনত ২৩ নৱেম্বৰত ৰাজস্থানৰ কোটাত জন্ম গ্ৰহণ কৰা ঔম বিৰলাই চৰকাৰী বাণিজ্য মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী আৰু মহাঋষি দয়ানন্দ সৰস্বতী বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল৷