newsnextone.com | ডিজিটেল ডেস্কঃ মঙলবাৰে জম্মু-কাশ্মীৰ চৰকাৰৰ পতন ঘটে৷ বিজেপিয়ে পিডিপিৰ সংগ এৰাৰ লগে লগে জম্মু-কাশ্মীৰ চৰকাৰৰ পতন ঘটে আৰু মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে পদত্যাগ কৰে৷ তাৰ পিছতে এখন সংবাদ মেল অনুষ্ঠিত কৰি বিৰোধী দল নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাই ৰাজ্যপালৰ শাসনেই একমাত্ৰ পথ বুলি কয়৷

চৰকাৰ পতন হোৱাৰ পিছতে নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাই দলৰ বিধায়ক তথা আন আন নেতাসকলৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত কৰে৷ ৰাজ্যপালক ৰাজ্যপালৰ শাসন কাৰ্যকৰী কৰিবলৈ আহ্বান জনায়৷ ৰাজ্যপালৰ শাসনে একমাত্ৰ পথ বুলি কয়৷ শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনাই পিডিপিৰ সৈতে কোনো ধৰণৰ মিত্ৰজোঁটৰ সম্ভাৱনাক নাকচ কৰে৷ আনহাতে নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাই ২০১৪ চনত আমাৰ হাতত সংখ্যাগৰিষ্ঠতা নাছিল আৰু ২০১৮ চনলৈ নাথাকিব৷ এই সম্পৰ্কত কোনোৱে আমাৰ সৈতে সম্পৰ্ক কৰা নাই আৰু আমিও কাৰোৰে সৈতে সম্পৰ্ক কৰা নাই বুলি কয়৷