ডিজিটেল ডেস্কঃ দিল্লী উচ্চ ন্যায়ালয়ত জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই পুনৰ বিয়া পাতিবৰ বাবে অনুমতি বিচাৰি আৱেদন জনায়৷ ২০০৯ চনৰ পৰাই  পত্নীৰ পৰা আঁতৰত থকা ওমৰে বিয়া পতাৰ অনুমতি বিচাৰি ইতিমধ্যে নিম্ন আদালতত আৱেদন জনাইছিল যদিও আদালতে এই আৱেদন খাৰিজ কৰে৷

পত্নী পায়েল আব্দুল্লাৰ পৰা তালাক বিচাৰি ওমৰ আব্দুল্লাই ইতিমধ্যে আদালতত বিবাহ বিচ্ছেদৰ বাবে আৱেদন দাখিল কৰিছিল৷ আৱেদনত ওমৰ আব্দুল্লাই বিবাহ বিচ্ছেদ বিচৰাৰ লগতে পুনৰাই বিয়া কৰাব বিচৰাৰ কথা উল্লেখ কৰে৷ 

তেওঁলোকৰ মাজৰ সম্পৰ্কই ফাট মেলাৰ ফলতেই পুনৰ সম্পৰ্ক কৰা সম্ভৱ নহয় বুলি উল্লেখ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে৷ ন্যায়ধীশ সিদ্ধাৰ্থ মৃদুল আৰু দীপা শৰ্মাৰ আদালতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী পায়েলক নটিচ জাৰি অহা ২৩ এপ্ৰিলত শুনানী কালত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়ে৷ 

প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ অধিবক্তা মালবিকা ৰাজকোটিয়াই দাবী কৰা মতে, ইয়াৰ পূৰ্বে ওমৰ আব্দুল্লা আৰু পত্নীক কিয় দুনাই বিয়া কৰাব বিচাৰে এই সন্দৰ্ভত আদালতে প্ৰশ্ন কৰিছিল৷ এই সন্দৰ্ভত দিয়ো ঋণাত্মক উত্তৰ দিয়া বুলি কয়৷

২০১৬ চনৰ ৩০ আগষ্টত বিবাহ বিচ্ছেদৰ আৱেদন খাৰিজ কৰিছিল নিম্ন আদালতে৷ তেওঁলোকৰ সম্পৰ্কই বেয়াকৈ ফাট মেলিছে৷ পুনৰ মিল হোৱাৰ কোনো সুযোগ নাই বুলি কয় অধিবক্তাই৷ ওমৰ আদালতত পত্নীৰ ক্ৰুৰতা আৰু স্বামীক এৰি থৈ যোৱা বুলি উত্থাপন কৰা অভিযোগৰ কোনো উত্তৰ দিব নোৱাৰিলে৷

২০০৭ চনৰ পৰাই তেওঁলোকৰ সম্পৰ্কত ফাট মেলিছিল৷ ওমৰ আৰু পায়েলে ১৯৯৪ চনত বিবাহপাশত আৱদ্ধ হৈছিল৷ ২০০৯ চনৰ পৰাই দুয়োগৰাকীয়ে বেলেগ বেলেগকৈ থাকিবলৈ লয়৷