শিৱসাগৰঃ শিৱসাগৰৰ ভটীয়াপাৰৰ বাৰিচুকস্থিত অ’এনজিচিৰ আৰডিএছ ১৪৭(এ) ৰীগত অনিয়ন্ত্ৰিতভাৱে হোৱা গেছ নিৰ্গমন যোৱা ২৭ জুনত বন্ধ হ’ল যদিও স্থানীয় ৰাইজৰ দুখ-দুৰ্দশাৰ অন্ত পৰা নাই। অভিশপ্ত ৰীগটোৰ পৰা নিৰ্গত হোৱা গেছ আৰু উচ্চ প্ৰাবল্যৰ শব্দৰ বাবেই যোৱা ২১ জুনত হাৰ্ট এটেক হোৱা এজন লোকে কালি বিয়লি চিকিৎসাধীন অৱস্থাত প্ৰাণ হেৰুৱাবলগীয়া হয় বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
বাৰিচুক নিবাসী কোষেশ্বৰ দাস (৬৮) নামৰ লোকজনৰ ডিব্ৰুগড়ৰ অপেক্ষা হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱাৰ পিছত আজি মৃতদেহ ঘৰলৈ অনাৰ সময়তে অ’এনজিচি আৰু এছ কে পেট্ৰ’ লিমিটেডৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰাইজ। অ’এনজিচি আৰু ৰীগটো লীজত লৈ থোৱা এছ কে পেট্ৰ’ লিমিটেডৰ গাফিলতিৰ বাবেই নিৰীহ লোকে প্ৰাণ হেৰুৱালে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে।