newsnextone.com। তেজপুৰৰঃ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ অসম-অৰুনাচল সীমান্তৱৰ্তী বাৰমাইলত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা।

বনৰীয়া হাতী খেদিবলৈ ব্যৱহাৰ কৰা অবৈধ বৈদ্যুতিক ঝটকা তাঁৰত লাগি অতি কৰুণভাৱে মৃত্যুক সাৱতি লবলগা হয় এজন বনৰক্ষীয়ে। বনৰক্ষীজনৰ নাম বীৰেনচন্দ্ৰ ডেকা বুলি জানিব পৰা গৈছে।

বনৰক্ষী বীৰেনচন্দ্ৰ ডেকাৰ ঘৰ মঙ্গলদৈত। প্ৰাপ্ত তথ্য অনুসৰি বনৰক্ষী বীৰেনচন্দ্ৰ ডেকাই বিভাগীয় কামকাজৰ বাবে নামেৰী বন বিভাগৰ কাৰ্য্যালয়লৈ আহি নিশা বাৰমাইলৰ শিবিৰলৈ উভতি যোৱাৰ পথতে গাঁওবাসীয়ে অবৈধভাবে লগোৱা বৈদ্যুতিক তাঁৰত লাগি ধৰে।

ফলত বনৰক্ষী বীৰেনচন্দ্ৰ ডেকাৰ থিতাতে মৃত্যু হয়। ইতিমধ্যে বনবিভাগৰ ফালৰ পৰা উক্ত ঘটনাৰ বাবে চাৰিদুৱাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।