newsnextone.com | ডিজিটেল ডেস্কঃ বুধবাৰে জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাৰ হান্দুৱাৰাত সন্ত্ৰাবাদীৰ সৈতে দীৰ্ঘ সময় সংঘৰ্ষৰ অন্তত এজন জোৱান শ্বহীদ হোৱাৰ লগতে আন এজন জোৱান গুৰুতৰ ভাৱে আহত হয়৷ 

বৰ্তমানেও দুয়োপক্ষৰ মাজক সংঘৰ্ষ অব্যাহত আছে বুলি জানিব পৰা গৈছে৷ শ্বহীদ জোৱান জন ৩ প্যাৰা ৰেজিমেণ্টৰ মুকুল মীনা বুলি জানিব পৰা গৈছে৷ সংবাদ প্ৰতিষ্ঠান এএনআয়ে প্ৰকাশ কৰা মতে, জোৱানৰ মৃত্যুৰ পিছতে সমগ্ৰ এলেকা ঘেৰি লৈ অভিযান চলাই আছে সেনাই৷ 

আনহাতে বুধবাৰে পুৱাই দক্ষিণ কাশ্মীৰৰ চপিয়াণত বিস্ফোৰণ কাণ্ড সংঘটিত হয়৷ এজন কিশোৰৰ মৃত্যু হোৱাৰ লগতে ৪গৰাকী লোক গুৰুতৰ ভাৱে আহত হয়৷ সন্ত্ৰাসবাদীয়ে গ্ৰেনেটটো সেনাক লক্ষ্য কৰি নিক্ষেপ কৰিছিল৷ 

জানিব পৰা মতে, সেনা আৰু সন্ত্ৰাবাদীৰ মাজত মঙলবাৰে চপিয়াণত সংঘৰ্ষ চলি থকাৰ সময়তে নিক্ষেপ কৰে এটা গ্ৰেনেট৷ এটা পৰিয়ালৰ ঘৰত পৰিছিল গ্ৰেনেটটো৷ বিস্ফোৰণ নোহোৱা গ্ৰেনেটটো পুৱাই কেইজনমান কিশোৰে প্ৰত্যক্ষ কৰি খেলি থাকোতেই বিস্ফোৰণ হৈ ৭ বছৰীয়া কিশোৰৰৰ মৃত্যু হোৱাৰ লগতে ৪ কিশোৰ আহত হয়৷