Indian Youth
Indian Youth

মিছামাৰীঃ এফালে শিক্ষা মন্ত্ৰীয়ে বজাইছে শৈক্ষিক উন্নয়নৰ ঢাক-ঢোল, আনফালে ৰাজ্যত এতিয়াও চলি আছে এজনীয়া শিক্ষকৰ পাঠদান৷ অলপতে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী শিক্ষা খণ্ডত শিক্ষাৰ মান উন্নত কৰাৰ অৰ্থে হাজাৰ হাজাৰ টেট শিক্ষকক নিযুক্তি প্ৰদান কৰে৷ যাৰ ফলত ৰাজ্যৰ বহু শিক্ষানুষ্ঠানত চলি থকা শিক্ষকৰ অভাৱ দূৰ হয়৷

কিন্তু শিক্ষামন্ত্ৰীৰ হাজাৰ টেট শিক্ষকৰ নিযুক্তিৰ পাছতো এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো শিক্ষানুষ্ঠান চলি আছে এজন শিক্ষকৰ পাঠদানেৰে৷ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত আৰু বৃহত্তৰ মিছামাৰী অঞ্চলৰ শিয়ালমাৰী বঙালগাওঁ প্ৰাথমিক বিদ্যালয় খন ২০০৪ চনত স্থাপন হোৱাৰ পাছত আৰম্ভণিতে বিদ্যালয় খনত চাৰিজনকৈ শিক্ষকে পাঠদান কৰি আছিল৷

কিন্তু পৰৱৰ্তী সময়ত তিনি গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক বিভাগীয় কৰ্তৃপক্ষই অন্য বিদ্যালয়ত বদলি কৰি লৈ যায়। ফলত বৰ্তমান বিদ্যালয় খনৰ ১০১ গৰাকী ছাত্ৰ ছাত্ৰীক মাত্র এজন শিক্ষকে পাঠদান কৰিব লগাত পৰিছে। উল্লেখ যে, প্ৰথম মানৰ পৰা পঞ্চম মানলৈ মুঠ পাঁচটা শ্ৰেণীত এজনীয়া শিক্ষকে পাঠদান কৰাৰ উপৰি মধ্যাহ্ন ভোজন, কাৰ্যালয়লৈ তাঁতবাতি কৰা আদি সমস্যাবোৰো শিক্ষকগৰাকীয়ে অকলেই কৰিবলগীয়া হয়।

ৰাজ্য চৰকাৰৰ শিক্ষা মন্ত্ৰীগৰাকীয়ে গুৱাহাটীত বৰ্ণাঢ্য সভা অনুষ্ঠিত কৰি টেট শিক্ষক-শিক্ষয়িত্ৰীসকলক নিযুক্তি পত্র প্ৰদান কৰাৰ পাছত শিয়ালমাৰী বঙালগাওঁ প্ৰাথমিক বিদ্যালয়লৈও শিক্ষক আহিব বুলি স্থানীয় ৰাইজে আশা প্ৰকাশ কৰিছিল৷ কিন্তু অৱশেষত ৰাইজৰ আশাত চৰকাৰ খনে চেঁচা পানী ঢালিলে।

আনহাতে পূৰ্বৰ এগৰাকী শিক্ষয়িত্ৰীক জিলাৰ বিভাগীয় কৰ্তৃপক্ষই কাষৰীয়া গাভৰু প্ৰাথমিক শিক্ষা খণ্ডৰ এখন বিদ্যালয়ত অস্থায়ী ভাৱে বদলিকৰণ কৰিছে। কিন্তু উক্ত শিক্ষয়িত্ৰী গৰাকীক আজিকোপতি বিভাগীয় কৰ্তৃপক্ষই পুনৰ বিদ্যালয়খনলৈ ঘুৰাই অনাৰ বাবে ব্যৱস্থা নকৰিলে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।

ছাত্ৰ-ছাত্ৰীসকলৰ মহৎ চিন্তা আগত ৰাখি শীঘ্ৰে বিদ্যালয়খনত প্ৰয়োজনীয় শিক্ষকৰ ব্যৱস্থা কৰিব লাগে অন্যথা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি স্থানীয় ৰাইজে শিক্ষা বিভাগৰ ওচৰত দাবী জনাইছে৷