শিৱসাগৰঃ ঐতিহাসিক শিৱসাগৰ জিলাৰ আহোমৰ ৰাজধানী ৰংপুৰ নগৰৰ তলাতল ঘৰৰ কাষতে থকা ১৪শ শতিকাত নিৰ্মিত গোলাঘৰটোক আজি ভাৰতীয় পুৰাতত্ব জৰীপ(এ এছ আই)-এ আহোম ৰাজত্ব কালত যুদ্ধত ব্যৱহাৰ কৰা বিভিন্ন অস্ত্ৰ তথা সঁজুলিৰ ছবি সংগ্ৰহালয়লৈ ৰূপান্তৰ কৰে।
এই উপলক্ষে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথিৰূপে তাই সাহিত্য সভাৰ সভাপতি ড. দয়ানন্দ বৰগোহাঁই, বিশিষ্ট অতিথিৰূপে শিৱসাগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড. প্ৰফুল্ল চন্দ্ৰ কলিতা, ড. এম কে চাওলে ( অধীক্ষক, গুৱাহাটী পুৰাতত্ব চক্ৰ)ৰ লগতে তাই আহোম যুৱ পৰিষদ অসমৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি দিগন্ত তামূলী, সদৌ তাই আহোম ছাত্ৰ সন্থা আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বিষয়-ববীয়াৰ লগতে ভালেসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
অনুষ্ঠানৰ মুখ্য অতিথি ড. দয়ানন্দ বৰগোহাঁইয়ে আহোম পুৰোহিতৰ মংগলধ্বনি আৰু আয়তীৰ উৰুলিৰ মাজেৰে বন্তি প্ৰজ্বলন তথা গোলাঘৰৰ মূখ্যদ্বাৰ পৰ্যটকলৈ মুকলি কৰে৷