গুৱাহাটীঃ কাইলৈ মুক্তি লাভ কৰিব মানৱেন্দ্ৰ অধিকাৰীৰ প্ৰযোজনাত নিৰ্মিত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰ 'অথেলো'। অৰ্থ ফিল্মছৰ বেনাৰত নিৰ্মিত ৰজতকমল বঁটাপ্ৰাপ্ত এই ছবিখনৰ পৰিচালনা কৰিছে হেমন্ত কুমাৰ দাসে।

সমাজৰ পৰা বৰ্জিত হৈ ৰাজনীতি, সন্ত্ৰাসবাদ আৰু সামাজিক মৰ্যাদা আদিৰ পাকচক্ৰত পৰি লাঞ্ছিত হোৱাৰ পিছত জীৱন যুদ্ধত বৰ্তি থাকিবলৈ মানুহে কিদৰে চেষ্টা কৰে তাৰেই আধাৰত নিৰ্মাণ কৰা হৈছে 'অথেলো' ছবিখন।

ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ চিত্ৰনাট্যকাৰ ৰঞ্জিত শৰ্মাৰ। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অৰূপ বৈশ্য, জুপিতৰা ভূঞা, অৰুণ নাথ, ৰুণু দেৱী আৰু বহুকেইজন ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে। ছবিখনৰ সংগীত ব্যৱস্থাপনা কৰিছে তৰালী শৰ্মাই।

উল্লেখ্য, 'অথেলো' ছবিখনে দেশৰ উপৰি কেইবাখনো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সন্মান লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে লণ্ডনত অনুষ্ঠিত উইলিয়াম শ্বেইক্সপীয়েৰৰ ৪০০ বছৰীয়া মৃত্যুবাৰ্ষিকীত প্ৰদৰ্শিত হৈ চিত্ৰপ্ৰেমীৰ ব্যাপক আদৰ পাবলৈ সক্ষম হৈছে।