newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ কেইবাখনো ৰাজ্যত সোমবাৰে সম্পন্ন হোৱা ৪ খন লোকসভা আৰু ১০ খন বিধানসভা আসনৰ উপ-নিৰ্বাচনৰ ফলাফল বৃহস্পতিবাৰে ঘোষণা হয়৷ নিৰ্বাচনত পৰাজয় পৰণ কৰাৰ পিছতে পৰাজিত প্ৰাৰ্থী আৰু দলে কিছুমান অদ্ভূত মন্তব্য কৰি পৰাজয়ৰ গ্লানিৰ পৰা হাত সাৰিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে৷
দেশত সম্পন্ন হোৱা উপ নিৰ্বাচনত মুঠ ১৪ খন আসনৰ ১১ খনতে কেন্দ্ৰৰ শাসকীয় বিজেপি দল মুখ থেকেচা খাইছে৷ দুখন আসনত বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ লগতে এখনত সহযোগী প্ৰাৰ্থীয়ে জয়লাভ কৰে৷