internet
internet

newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ কেইবাখনো ৰাজ্যত সোমবাৰে সম্পন্ন হোৱা ৪ খন লোকসভা আৰু ১০ খন বিধানসভা আসনৰ উপ-নিৰ্বাচনৰ ফলাফল বৃহস্পতিবাৰে ঘোষণা হয়৷ নিৰ্বাচনত পৰাজয় পৰণ কৰাৰ পিছতে পৰাজিত প্ৰাৰ্থী আৰু দলে কিছুমান অদ্ভূত মন্তব্য কৰি পৰাজয়ৰ গ্লানিৰ পৰা হাত সাৰিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে৷ 

দেশত সম্পন্ন হোৱা উপ নিৰ্বাচনত মুঠ ১৪ খন আসনৰ ১১ খনতে কেন্দ্ৰৰ শাসকীয় বিজেপি দল মুখ থেকেচা খাইছে৷ দুখন আসনত বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ লগতে এখনত সহযোগী প্ৰাৰ্থীয়ে জয়লাভ কৰে৷

উত্তৰ প্ৰদেশত বৃহস্পতিবাৰে এখন বিধানসভা আৰু এখন লোকসভা আসনৰ বাবে উপ-নিৰ্বাচন সম্পন্ন হয়৷ কিন্তু দুয়োখন আসনতে ৰাজ্যখনৰ শাসকীয় বিজেপি দল শোচনীয়ভাৱে পৰাজিত হয়৷ 

উত্তৰ প্ৰদেশৰ ঐতিহাসিক লোকসভা সমষ্টি কৈৰানাত আৰএলডি প্ৰাৰ্থী তবচ্চুম হাচানে বিজেপি সমৰ্থিত প্ৰাৰ্থীক বৃহৎ ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ৰ শেষ হাঁহি মাৰে৷ আনফালে ৰাজ্যখনৰ দুয়োখন আসনতে মুখ থেকেচা খাই বিজেপিৰ মন্ত্ৰী-নেতাই পৰাজয়ৰ কাৰণ দৰ্শাবলৈ আৰম্ভ কৰা পৰিলক্ষিত হয়৷

উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী লক্ষ্মী নৰায়ণ চৌধুৰীয়ে বিজেপিয়ে পৰাজয় বৰণ কৰাৰ পিছত কৰা এক মন্তব্যই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে৷ ৰাজ্যখনৰ উপ-নিৰ্বাচনত বিজেপিৰ শোচনীয় পৰাজয়ৰ কাৰণ ব্যাখাা কৰি চৌধুৰীয়ে কয়, ‘উপ-নিৰ্বাচন আৰু সাধাৰণ নিৰ্বাচনৰ মাজত পাৰ্থক্য আছে৷ অধিকাংশ লোকে সাধাৰণ নিৰ্বাচনত অংশ লয়৷’ 

আনহাতে বিজেপিৰ সমৰ্থক আৰু ভোটদাতাসকলে উপ-নিৰ্বাচনৰ সময়ত সন্তানক লগত লৈ গৰমৰ বন্ধ পালন কৰিবলৈ বাহিৰলৈ যোৱা বাবেই সমষ্টি দুটাত বিজেপি শোচনীয়ভাৱে পৰাজিত হৈছে বুলিও উদ্ভট মন্তব্য কৰে উত্তৰ প্ৰদেশৰ বিজেপি মন্ত্ৰী লক্ষ্মী নাৰায়ণ চৌধুৰীয়ে৷