গোলাঘাটঃ চাহ শ্ৰমিকৰ মাজত ক'ভিড সজাগতাৰ প্ৰয়াস আৰু ক'ভিড আক্ৰান্তৰ মাজত সামগ্ৰী বিতৰণ আটছা ( স্বতন্ত্ৰ) ৰ সম্প্ৰতি ৰাজ্যৰ চাহ বাগিচা সমূহত ব্যাপক ৰূপত বৃদ্ধি পোৱা দেখা গৈছে ক'ভিডৰ সংক্ৰমণ। এনে সময়তে চাহ শ্ৰমিক সকলৰ মাজত ক'ভিড সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আগবাঢ়ি আহিছে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা ( স্বতন্ত্ৰ)।  

সংগঠনটোৰ প্ৰতিনিধি সকলে যিসমূহ চাহ বাগিচাত ইতিমধ্যে ক'ভিড সংক্ৰমণ হৈছে সেইসমূহ বাগিচালৈ গৈ ক'ভিড সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ লগতে সেই বাগিচাসমূহত থকা ক'ভিড আক্ৰান্ত সকলৰ অৱস্থাৰ বুজ লয়। সংগঠনটোৰ প্ৰতিনিধি সকলে গোলাঘাট জিলাৰ শাওতলী,  বৰফলং,  মহিমা, দক্ষিণহেঙেৰা, ছোটজান,  চফেলা, বকিয়াল আদি কেইবাখনো চাহ বাগিচাত উপস্থিত হৈ বাগিচা পৰিচালক সকলৰ সৈতে আলোচনা কৰি ক'ভিড আক্ৰান্ত চাহ শ্ৰমিক সকলে যাতে উপযুক্ত চিকিৎসৰ লগতে অন্যান্য সা সুবিধা সমূহ লাভ কৰে সেই বিষয়ে যাৱতীয় ব্যৱস্থা ল'বলৈ বাগিচা পৰিচালক সকলক আহ্বান জনায়। ইয়াৰ লগতে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা ( স্বতন্ত্ৰ) ৰ প্ৰতিনিধি সকলে ক'ভিড আক্ৰান্ত চাহ শ্ৰমিক সকলৰ মাজত মাক্স, চাবোন, চেনিটাইজাৰ, বিস্কুটৰ পেকেট  আদি সামগ্ৰী বিতৰণ কৰে।  

এইসমূহ কাৰ্যসূচীত উপস্থিত থাকে সংগঠনটোৰ উপদেষ্টা নুৰুল আলী, সভাপতি সুভাষ কৰ্মকাৰ, উপ সভাপতি ৰিখেশ্বৰ সিংহ আৰু গৌতম তৰিয়া আৰু গোলাঘাট শাখাৰ সম্পাদক লক্ষীৰাম কুৰ্মী।

গোলাঘাটৰ পৰা সিদ্ধাৰ্থ সন্দিকৈ।