newsnextone.com| নলবাৰীঃ নলবাৰী ব্ৰীজ সন্থাৰ সৌজন্যত বিভাৰানী গোস্বামী সোঁৱৰণী সদৌ অসম এদিনীয়া অক্সন ব্ৰীজ প্ৰতিযোগিতা খনৰ অলপতে সফল সামৰণি পৰে৷ প্ৰতিযোগিতা খনৰ উদ্বোধনীৰ অনুস্থানত সভাপতিত্ব কৰে নলবাৰী জিলা ব্ৰীজ সন্থাৰ সভাপতি যজ্ঞেশ্বৰ বুজৰবৰুৱাই৷ সভাত বিশিষ্ট অতিথি হিচাপে উপষ্টিত থাকি ভাষন প্ৰদান কৰে ক্ৰমে শংকৰদেৱ বিদ্যানিকেতনৰ প্ৰধান আচাৰ্য ভবেশ গোস্বামী আৰু নলবাৰী চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিকৰ শিক্ষক মুনীন্দ্ৰ গোস্বামীয়ে৷

নলবাৰী, কামৰূপ, বৰপেটা আৰু বাগচা জিলাৰ পৰা ৬০টা দলে অংশগ্ৰহন কৰা প্ৰতিযোগিতাখনত প্ৰথম পুৰস্কাৰ লাভ কৰে শোলমাৰাৰ ডিম্বেশ্বৰ দাস আৰু বসন্ত দাসে৷ দ্বিতীয় পুৰস্কাৰ লাভ কৰে বৰসৰ কুচিৰ জয়চন্দ্ৰ বৰ্মন আৰু বাণী কান্ত বৰ্মনে৷ তৃতীয় পুৰস্কাৰ লাভ কৰে নলবাৰীৰ তাৰিণী শৰ্মা আৰু গোকুল হালৈয়ে৷ আনহাতে চতুৰ্থ পুৰস্কাৰ টিহুৰ ৰিংকু কলিতা আৰু বাগান পাৰাৰ অৰ্জুন ডেকাই লাভ কৰিবলৈ সক্ষম হয়৷