newsnextone.com | ডিজিটেল ডেস্কঃ যোৱা ২৫ জুলাইত অনুষ্ঠিত হৈ যোৱা পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত চৰকাৰৰ গঠন কৰাৰ দিশে আগবাঢ়িছে প্ৰাক্তন ক্ৰিকেটাৰ ইমৰাণ খানৰ দল পিটিআই দল। বুধবাৰে পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ভোটদান সন্ধিয়া ৬ বজাত সমাপ্ত হোৱাৰ পিছতে ভোটগণনা আৰম্ভ হয় আৰু বৰ্তমানেও ভোটগণনা চলি আছে। শেহতীয়াকৈ পিটিআয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ দিশে আগবাঢ়িছে বুলি খবৰ আহিছে। ইমৰাণ খানৰ তেহৰিক-ই-ইন্সাফ দলে এতিয়ালৈ ১০৫ খন আসনত জয়ী হয়। কিন্তু বিৰোধীয়ে নিৰ্বাচনত অনৈতিক পথ অৱলম্বন কৰাৰ অভিযোগ উত্থাপন কৰিছে। 

তাৰ লগে লগে পাকিস্তানৰ নতুন চৰকাৰৰ সৈতে কাম কৰিবলৈ আমেৰিকা সাজু থকা বুলি কয়। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ এগৰাকী বিষয়াই এই কথা প্ৰকাশ কৰিছে বুলি আন্তঃৰাষ্ট্ৰীয় মিডিয়াত প্ৰকাশ পাইছে। মিডিয়াৰ খবৰ মতে, আমেৰিকাৰ বিদেশ বিভাগৰ বিষয়াগৰাকীয়ে কয় যে পাকিস্তানত চৰকাৰ গঠন কৰাৰ পিছত নেতাৰ সৈতে একেলগে কাম কৰাৰ বাবে পথ বিচাৰিম। দক্ষিণ এছিয়াৰ সুৰক্ষা, শেহতীয়া স্থিতি, সমৃদ্ধি বৃদ্ধিৰ বাবে কাম কৰাৰ স্বাৰ্থত পথ উলিওৱাৰ বাবে কাম কৰিব লাগিব। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ বিষয়াগৰাকীয়ে আৰু কয় যে  পাকিস্তানৰ ফলাফলৰ ঘোষণা জাৰি কৰাৰ বাবে আমি ৰৈ আছোঁ।