newsnextone.com | ডিজিটেল ডেস্কঃ সোমবাৰে পাকিস্তানৰ মুলতান চহৰত বোমা বিস্ফোৰণ সংঘটিত কৰে সন্ত্ৰাসবাদীয়ে৷ বিস্ফোৰণত ৩ জন লোকৰ মৃত্যু হৈছে৷ আহত হৈছে ২৫জন লোক৷ কোন সংগঠন বিস্ফোৰণ সংঘটিত কৰিছে এতিয়াও নিশ্চিত হোৱা নাই৷

জানিব পৰা মতে, অতি ব্যস্ত মুলতান চহৰত সোমবাৰে দিনৰ ভাগত হঠাৎ প্ৰকাণ্ড শব্দ ওলাই৷ লগে লগে হুৱা-দুৱা লাগে৷ এখন ৰেষ্টুৰেণ্টৰ ছাদ খহি পৰে৷ আত্মঘাটি বোমাৰুৱে এই কাণ্ড সংঘটিত কৰা বুলি জানিব পৰা যায়৷ ততাতৈয়াকৈ উদ্ধাৰ অভিযান চলাই প্ৰশাসনে৷ আহতক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও ইয়াৰে তিনিজন লোকৰ মৃত্যু হয়৷ আহতৰ মাজত মহিলা আৰু শিশুও আছে৷