newsnextone.com | ডিজিটেল ডেস্কঃ দুৰ্নীতিৰ অভিযোগৰ দোষী পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফক ১০ বছৰৰ কাৰাদণ্ড বিহে পাক উচ্চতম ন্যায়ালয়ে৷ আনহাতে শ্বৰীফৰ কন্যা মৰিয়াম নাৱাজক ৭ বছৰ কাৰদণ্ড বিহে ন্যায়ালয়ে৷ 

শুকুৰবাৰে দেশৰ শীর্ষ আদালতৰ নিৰ্দেশ মৰ্মে অভেনফিল্ড দুৰ্নীতি গোচৰত পাক প্ৰধানমন্ত্ৰীক দোষী সাব্যস্ত কৰি দুৰ্নীতি নিবাৰণ আদালতে এই ৰায় প্ৰদান কৰে৷ নৱাজ শ্বৰীফক ১০ বছৰৰ কাৰদণ্ড ৮০ লাখ পাউণ্ড টকা জৰিমণা বিহে৷ আনহাতে কন্যা মৰিয়মক ৭ বছৰৰ জেল আৰু ২০ লাখ পাউণ্ড জৰিমণা বিহে৷ মৰিয়মৰ স্বামী অৱসৰপ্ৰাপ্ত সেনাৰ কেপ্তেইন এবছৰৰ কাৰদণ্ড বিহে আদালতে৷

শুকুৰবাৰে প্ৰথমে পাক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত নৱাজ শ্বৰীফ, মৰিয়ম শ্বৰীফ আৰু জোৱাইৰ বিৰুদ্ধে চলি থকা গোচৰৰ ৰায় প্ৰদান কৰে দুৰ্নীতি নিবাৰণ আদালতে৷ 

২০১৬ চনত পোহৰলৈ আহিছিল পানাম পেপাৰৰ দুৰ্নীতিৰ তথ্য৷ সেই সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী হৈ আছিল নৱাজ৷ ২০১৭ চনত আদালতৰ নিৰ্দেশত প্ৰধানমন্ত্ৰীৰ পৰা গাদীচ্যুত হয় নৱাজ৷ তাৰ পিছতে নৱাজ পৰিয়ালৰ বিৰুদ্ধে আৰম্ভ কৰা হয় তদন্ত৷ তদন্তৰ নিৰ্দেশ দিছিল পাকিস্তানৰ নেচনেল একাউণ্টিবিলিটি ব্যুৰেৱে৷ 

উল্লেখ্য যে, যোৱা ১৪ জুনলৈকে নৱাজ আৰু কন্যা মৰিয়ম লণ্ডনত আছিল ৰোগীয়া পত্নীৰ চিকিৎসাৰ বাবে৷ যাৰ বাবে ৰায় ঘোষণা স্থগিত ৰখাৰ বাবে আবেদন জনাইছিল নৱাজে৷