newsnextone.com | ডিজিটেল ডেস্কঃ দুৰ্নীতিৰ অভিযোগৰ দোষী পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফক ১০ বছৰৰ কাৰাদণ্ড বিহে পাক উচ্চতম ন্যায়ালয়ে৷ আনহাতে শ্বৰীফৰ কন্যা মৰিয়াম নাৱাজক ৭ বছৰ কাৰদণ্ড বিহে ন্যায়ালয়ে৷
শুকুৰবাৰে দেশৰ শীর্ষ আদালতৰ নিৰ্দেশ মৰ্মে অভেনফিল্ড দুৰ্নীতি গোচৰত পাক প্ৰধানমন্ত্ৰীক দোষী সাব্যস্ত কৰি দুৰ্নীতি নিবাৰণ আদালতে এই ৰায় প্ৰদান কৰে৷ নৱাজ শ্বৰীফক ১০ বছৰৰ কাৰদণ্ড ৮০ লাখ পাউণ্ড টকা জৰিমণা বিহে৷ আনহাতে কন্যা মৰিয়মক ৭ বছৰৰ জেল আৰু ২০ লাখ পাউণ্ড জৰিমণা বিহে৷ মৰিয়মৰ স্বামী অৱসৰপ্ৰাপ্ত সেনাৰ কেপ্তেইন এবছৰৰ কাৰদণ্ড বিহে আদালতে৷