newsnextone.com | ডিজিটেল ডেস্কঃ শুকুৰবাৰে পাকিস্তানৰ নিৰ্বাচনী সভাত সংঘটিত বোমা বিস্ফোৰণত মৃতকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হ’বলৈ ধৰিছে৷ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত খবৰ মতে ৭৪ৰ পৰা ১০০ জনলৈ বৃদ্ধি হৈছে মৃতকৰ সংখ্যা৷ বোমা বিস্ফোৰণ সংঘটিত হৈ ৭৪ জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছিল শুকুৰবাৰে৷
যেন আকৌ এবাৰ ৰক্তাক্ত হ’ল পাকিস্তান৷ শুকুৰবাৰে নিৰ্বাচনী সভাৰ মাজত সংঘটিত কৰা দুটা বোমা বিস্ফোৰণত কমেও ৭৪ জন লোকৰ মৃত্যু হৈছিল যদিও মৃতকৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি হৈছে৷ আহত হৈছে প্ৰায় ১০০গৰাকী লোক৷ এতিয়ালৈ কোনো সন্ত্ৰাসবাদীয়ে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই৷