newsnextone.com | ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ আৰু কন্যা মৰিয়মৰ জামিন নাকচ কৰে ইছলামাবাদ উচ্চ ন্যায়ালয়ে৷ অহা ২৫ জুলাইত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনলৈকে জেলতে কটাব লাগিব পিতৃ-কন্যাই৷ পাকিস্তানৰ আদালতে নৱাজ আৰু মৰিয়মৰ আবেদনৰ শুনানিৰ কাল জুলাইৰ মাহৰ শেষ সপ্তাহলৈকে পিছুৱাই দিয়ে৷ ভ্ৰষ্টচাৰৰ গোচৰত অভিযুক্ত কৰাৰ বিৰুদ্ধে এই আবেদন দাখিল কৰিছিল নৱাজ শ্বৰীফৰ অধিবক্তাই৷ পাকিস্তান মুছলিম লীগৰ সমৰ্থকে নিৰ্বাচনৰ পূৰ্বে তেওঁলোকৰ নেতাই মুকলি আকাশৰ তললৈ ওলাই আহিব বুলি ভাবিছিল যদিও সেয়া সম্ভৱ নহ’ল৷ 

পাকিস্তানৰ সাধাৰণ নিৰ্বাচনলৈ মাথো ৮টা দিন বাকী থকা অৱস্থাত লাহোৰ জেলত কয়দী হিচাপে দিন পাৰ কৰিছে পাকিস্তানৰ একালৰ প্ৰভাৱশালী নেতা, প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ। ১৩ জুলাইত লাহোৰ বিমান বন্দৰত বিমানৰ পৰা নুমাৰ পিছতে লাহোৰ আৰক্ষী আৰু দুৰ্নীতি নিবাৰকে গ্ৰেপ্তাৰ কৰিছিল নৱাজ শ্বৰীফ আৰু কন্যা মৰিয়ম শ্বৰীফক। 

আবু ধাবিৰ পৰা লাহোৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে লাহোৰৰ আল্লাম ইকবাল বিমান বন্দৰত গ্ৰেপ্তাৰ কৰে লাহােৰ আৰক্ষীয়ে। তাৰ পৰা পোনে পোনে নিয়া হয় ৰাৱালপিণ্ডিৰ আদিলা জেললৈ। লণ্ডনত পত্নীক চিকিৎসা কৰি আছিল যদিও পত্নীক আবু ধাবিৰ এখন চিকিৎসালয়ত ভৰ্তি কৰি পাকিস্তানলৈ উৰা মাৰে৷ 

শ্বৰীফৰ পত্নী তথা মৰিয়মৰ মাতৃ কলসুম শ্বৰিফে মৃত্যুৰ সৈতে যুঁজ দি থকাৰ পিছতোঁ আদালতৰ নিৰ্দেশ পালন কৰি নিজ দেশত উপস্থিত হয়৷ লাহোৰ আৰক্ষীয়ে দুৰ্নীতি নিবাৰকৰ এটা দলৰ সৈতে পিতৃৃ-কন্যাক গ্ৰেপ্তাৰ কৰে৷ 

পত্নীৰ ৰোগৰ চিকিৎসা কৰি আছিল লণ্ডনত আৰু তাৰ পিছতে আবু ধাবিত উপস্থিত হৈ দেশলৈ আহে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ দুৰ্নীতিৰ অভিযোগত দোষী সাব্যস্ত হোৱা নৱাজ শ্বৰীফক ১০ বছৰৰ কাৰাদণ্ড বিহে পাক উচ্চতম ন্যায়ালয়ে৷ আনহাতে শ্বৰীফৰ কন্যা মৰিয়াম নাৱাজক ৭ বছৰ কাৰদণ্ড বিহে ন্যায়ালয়ে৷ 

যোৱা ৬ জুলাইত দেশৰ শীর্ষ আদালতৰ নিৰ্দেশ মৰ্মে অভেনফিল্ড দুৰ্নীতি গোচৰত পাক প্ৰধানমন্ত্ৰীক দোষী সাব্যস্ত কৰি দুৰ্নীতি নিবাৰণ আদালতে এই ৰায় প্ৰদান কৰিছিল৷ নৱাজ শ্বৰীফক ১০ বছৰৰ কাৰদণ্ড ৮০ লাখ পাউণ্ড টকা জৰিমণা বিহে৷ আনহাতে কন্যা মৰিয়মক ৭ বছৰৰ জেল আৰু ২০ লাখ পাউণ্ড জৰিমণা বিহে৷ নৱাজৰ জোৱাই তথা মৰিয়মৰ স্বামী অৱসৰপ্ৰাপ্ত সেনাৰ কেপ্তেইন এবছৰৰ কাৰদণ্ড বিহে আদালতে৷

প্ৰথমে পাক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত নৱাজ শ্বৰীফ, মৰিয়ম শ্বৰীফ আৰু জোৱাইৰ বিৰুদ্ধে চলি থকা গোচৰৰ ৰায় প্ৰদান কৰে দুৰ্নীতি নিবাৰণ আদালতে৷ 

২০১৬ চনত পোহৰলৈ আহিছিল পানাম পেপাৰৰ দুৰ্নীতিৰ তথ্য৷ সেই সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী হৈ আছিল নৱাজ৷ ২০১৭ চনত আদালতৰ নিৰ্দেশত প্ৰধানমন্ত্ৰীৰ পৰা গাদীচ্যুত হয় নৱাজ৷ তাৰ পিছতে নৱাজ পৰিয়ালৰ বিৰুদ্ধে আৰম্ভ কৰা হয় তদন্ত৷ তদন্তৰ নিৰ্দেশ দিছিল পাকিস্তানৰ নেচনেল একাউণ্টিবিলিটি ব্যুৰেৱে৷ 

উল্লেখ্য যে, যোৱা ১৪ জুনলৈকে নৱাজ আৰু কন্যা মৰিয়ম লণ্ডনত আছিল ৰোগীয়া পত্নীৰ চিকিৎসাৰ বাবে৷ যাৰ বাবে ৰায় ঘোষণা স্থগিত ৰখাৰ বাবে আবেদন জনাইছিল নৱাজে৷ চিকিৎসাৰ অন্তত দেশলৈ উভতি অহাৰ পৰিৱৰ্তে আবু ধাবিক বাৰ পাতি আছিল৷