ইছলামাবাদঃ সন্ত্ৰাসবাদীক সমালোচনা কৰি জগৰ লগালে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে। পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে ২৬/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ চৈয়দ পাকিস্তানৰ বাবে ক্ষতিকাৰক বুলি মন্তব্য কৰি ৰোষত পৰিল দেশখনৰ বিভিন্ন দল-সংগঠনৰ। ভাৰতৰ মুখপত্ৰ আখ্যাৰে ককৰ্থনাৰ সমুখীন হ’ল পাক মন্ত্ৰীগৰাকী।

মন্ত্ৰীগৰাকীৰ এই ভাষ্যৰ পিছত সমগ্ৰ পাকিস্তানতে অস্বাভৱিক পৰিৱেশৰ সৃষ্টি হয়৷ 'মন্ত্ৰীজনে নিজৰ জিভাৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাইছে" এই ভাষ্য জামাত-এ- ইছলামীৰ নেতা লিয়াকত বালাচৰ৷ পাকিস্তান-তেহেৰেক-এ -ইনচাফৰ নেতা মহম্মদুৰ ৰছিদে কয় যে আছিফে ভাৰতৰ শক্তিমন্ত্ৰীৰ দৰে আচৰণ কৰিছে৷

মন্ত্ৰীজনৰ এই ভাষ্যৰ প্ৰতিবাদত আজি দেশখনত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি সংগঠনটোৱে প্ৰকাশ কৰে৷ দেশখনৰ প্ৰধানমন্ত্ৰীয়ে এই ভাষ্যৰ বাবে মন্ত্ৰীজনৰ বিৰুদ্ধে ব্যৱস্থা ল’ব লাগে বুলি এজন মুখপত্ৰই দাবী কৰে।