newsnextone.com | ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা সেনা প্ৰধান পাৰভেজ মোশ্বাৰফৰ নাগৰিকত্ব বাতিল কৰিলে পাকিস্তান চৰকাৰে৷ মোশ্বাৰফৰ পাৰপত্ৰ পৰ্যন্ত বাতিল কৰা হৈছে৷ যাৰ ফলত আৰু পাকিস্তানৰ নাগৰিক হৈ নাথাকিব মোশ্বাৰফ৷

gulfnews.comৰ মতে, নিজ দেশৰ পৰা নিৰ্বাসিত হোৱা পাৰভেজ মোশ্বাৰফে বৰ্তমানেও ডুবাইত চিকিৎসা গ্ৰহণ কৰি আছে৷ পাকিস্তানৰ পাৰপত্ৰ বাতিল কৰাৰ লগে লগে ডুবাইত অবৈধ বিদেশী হৈ পৰিল মোশ্বাৰফ৷ মোশ্বাৰফে দেশলৈ উভতি অহাৰ বাবে আৰ্জি জনােৱাৰ লগতে নিৰাপত্তা দিবৰ বাবে আৰ্জি জনাইছিল যদিও পাকিস্তান চৰকাৰে সেই আৰ্জি খাৰিজ কৰে৷

২০০৭ চনত গণ অভ্যুত্থানৰ জৰিয়তে দেশৰ শাসনভাৰ হাতত হৈছিল মোশ্বাৰফে৷ জৰুৰি অৱস্থা ঘোষণা কৰি সেনাৰ প্ৰধান হোৱাৰ সুবাদতে ক্ষমতাৰ অপ অব্যৱহাৰ কাৰৰ অভিযোগ উত্থাপন হৈছিল৷ ৰাষ্ট্ৰদোহৰ অভিযোগো উত্থাপন হৈছিল৷ 

ইতিমধ্যে দোষী সাব্যস্ত হোৱাৰ দিশে আগবাঢ়িছে মোশ্বাৰফ৷ যাবজ্জীৱন কাৰদণ্ড নতুবা মৃত্যুদণ্ডৰ ৰায় ঘোষণা কৰা হ’ব পাৰে বুলি চৰ্চা আৰম্ভ হৈছে৷ পাক চৰকাৰক কিছুদিন পূৰ্বে শীৰ্ষ আদালতে মোশ্বাৰফক নিৰ্দেশ দিছিল যেনেকৈ নহওঁক গ্ৰেপ্তাৰ কৰাৰ বাবে৷ কিন্তু মোশ্বাৰফে নিৰাপত্তাৰ দাবী কৰি দেশ উভতি আহিব বিচাৰিছিল যদিও চৰকাৰে আৰ্জি খাৰিছ কৰে৷