newsnextone.com | ডিজিটেল ডেস্কঃ এটি সংবাদ প্ৰতিষ্ঠানৰ খবৰ মতে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেনজিৰ ভূট্টোৰ হত্যাকাণ্ডৰ এগৰাকী অভিযুক্ত লাহোৰৰ কোটলাখ পট জেলৰ পৰা নিৰুদ্দেশ হয়৷ ৰফকত হুছেইন নামৰ অভিযুক্তগৰাকীক আদালতে মুকলি দিয়াৰ বাবে নিৰ্দেশ দিয়াৰ পিছতোঁ মুকিল কৰি দিয়া নাছিল৷ ৰফকত হুছেইন লাহোৰৰ কোটলাখপট জেলৰ পৰা নিৰুদ্দেশ হয়৷
ৰফকত হুছেইনৰ পিতৃয়ে লাহোৰ উচ্চ ন্যায়ালয়ত এখন আবেদন জনাই তেওঁৰ পুত্ৰ জেলৰ পৰা নিৰুদ্দেশ হোৱা বুলি দাবী কৰে৷ তেওঁৰ পুত্ৰক গোচৰৰ পৰা ৰেহাই দিয়াৰ পিছতোঁ জিম্মাত ৰখা হৈছিল৷ ইতিমধ্যে লাহোৰ উচ্চ ন্যায়ালয় আবেদন গ্ৰহণ কৰি আৰক্ষীক ১৬ জুলাইৰ ভিতৰত ৰিপৰ্ট দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে৷