68
ডিজিটেল ডেস্কঃ নামবোৰ ক’বই লাগিব, নহ’লে বন্ধ কৰি দিয়া হ’ব। ৰাজনৈতিক অস্থিৰতাই দেখা দিয়া পাকিস্থানত এইবাৰ এনে এক ভাবুকিৰ সন্মুখীন হৈছে ফেচবুক।
বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় ছ’চিয়েল মিডিয়া প্ৰতিষ্ঠানটোক দেশখনৰ প্ৰশাসনে চৰকাৰৰ বিৰোধিতা কৰা লোকসকলৰ তালিকা শীঘ্ৰে জমা দিবলৈ নিৰ্দেশ দিছে। অন্যাথাই বিহিত ব্যৱস্থা গ্ৰহণৰ ভাবুকি প্ৰদান কৰিছে।