ডিজিটেল ডেস্কঃ পাকিস্তানত পুনৰ সংঘটিত হৈছে সন্ত্ৰাসবাদীৰ আক্ৰমণ৷ পাকিস্তানৰ কুৱেটাত আৰক্ষীৰ ট্ৰাকত বিস্ফোৰণ কৰাৰ ফলত ৬গৰাকী লোকৰ মৃত্যু হয়৷
ইয়াৰে ৪গৰাকী আৰক্ষীৰ লোক বুলি জানিব পৰা গৈছে৷ নিহত আন দুজন লোক পথচাৰী৷ পাকিস্তানৰ দক্ষিণ-পশ্চিম দিশৰ কুৱেটা চহৰত নতুনকৈ নিযুক্তি লাভ কৰা আৰক্ষীৰ জোৱান কঢ়িযায় নি থকা ট্ৰাকত আক্ৰমণ কৰে সন্ত্ৰাসবাদীয়ে৷
ট্ৰাকখনক লক্ষ্য কৰি বস্ফোৰণ ঘটাই ন্ত্ৰাসবাদীয়ে৷ কুৱেটা আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি থকাৰ লগতে আত্মঘাটী বিস্ফোৰণ হয় নে নহয় এই কথা জানিব পৰা হোৱা নাই বুলি কয়৷