ডিজিটেল ডেস্কঃ গণতান্ত্ৰিক ব্যৱস্থাত ন্যায় পাবৰ বাবে আদালতৰ চিৰি বগাই বগাই ভাগৰি পৰিব লগীয়া হোৱাৰ নজীৰ অনেক। জেচ্চিকাৰ বাবে পাব লগা ন্যায়েই হওক বা, আজমল কাচবৰ ফাঁচিয়েই হওক, কাণ টানিলে নাকটোও অহাৰ দৰে ন্যায়ৰ কথা আহিলেই চকুৰ আগত ভাঁহি উঠে বিলম্বনৰ হাজাৰখন ছবি। কিন্তু শেহতীয়াকৈ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ সন্ত্ৰাসবিৰোধী আদালত এখনে এইক্ষেত্ৰত এক ব্যতিক্ৰমী ৰায়দানেৰে বিলম্বনৰ পৰম্পৰাৰ ক্ষেত্ৰত ব্যতিক্ৰম ৰূপত ধৰা দিছে।
এটি সাত বছৰীয়া শিশুৰ ধৰ্ষণ আৰু হত্যাৰ অপৰাধত আদালতখনে চিৰিয়েল কিলাৰ ইমৰাণ আলিক এমাহতে বিচাৰ কৰি মৃত্যুদণ্ডৰ ৰায় দিছে। ২৪ বছৰীয়া ইমৰাণ ইয়াৰ আগতেও একাধিক ধৰ্ষণ আৰু হত্যাৰ অপৰাধত অভিযুক্ত আছিল।