ডিজিটেল ডেস্কঃ ‘ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে?’ আপ্ত বাক্য শাৰী পুনৰ প্ৰমাণ হল পাকিস্তানত। পত্নীয়ে হত্যা কৰিব বিছাৰিছিল নিজ স্বামীক। স্বামীক হত্যাৰ বাবে পৰিকল্পনা কৰিছিল এগৰাকী সদ্যবিবাহিত পত্নীয়ে। কিন্তু, স্বামী সাৰি গ’ল প্ৰাণ গ’ল পৰিয়ালৰ আন ১৩গৰাকী সদস্যৰহে।
পাকিস্তানৰ মোজাফ্ফৰনগৰত সংঘটিত হৈছে এই ঘটনা। ইণ্ডিয়া টুডেত প্রকাশিত খবৰ অনুসৰি দুমাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল আচিয়া নামৰ মহিলাগৰাকী। এজন প্রেমিক থকা পিছতো পৰিয়ালে তাইৰ ইচ্ছাৰ বিৰুদ্ধে আন এজন লোকৰ সৈতে বিয়া দিয়ে। বিয়াৰ পিছত পলাই অহাৰো চেষ্টা কৰিছিল আচিয়াই। কিন্তু ব্যর্থ হয়। প্রেমিকৰ সৈতে লগ হৈ এইবাৰ নতুন পথ ললে আচিয়াই। স্বামীক হত্যা কৰাৰ পৰিকল্পনা ৰচনা কৰে৷ প্রেমিকে আনি দিয়া বিহ স্বামী আমজাদৰ গাখীৰৰ গ্লাচত মিহলাই দিয়ে আচিয়াই।