NewsNextOne.com@তেজপুৰঃ-
শ্ৰম মন্ত্ৰী পল্লৱ লোচন দাসে সমষ্টিবাসীক দেখুৱাইছে পৰিৱৰ্তনৰ জোৱাৰ। শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধান সমষ্টিৰ বালিপৰা আৰু ৰঙাপৰাত  আজি ৰাজ্যিক মন্ত্ৰী পল্লৱ লোচন দাসে শুভাৰাম্ভ কৰে  প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ কেইবাটাও গৃহৰ লগতে কেইবাটাও নৱনিৰ্মিত পথ মুকলি কাৰে ।

মন্ত্ৰী গৰাকীয়ে প্ৰথমে বালিপৰাৰ পাটগাওঁত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা আৱাসগৃহৰ মুকলি  কৰি  পাছত দিঘলী বালিজান পুননিৰ্মিত পথটোৰ ওপৰিও বালিপৰা আৰু ৰঙাপৰাৰ বহুকেইটা নৱনিৰ্মিত পকী পথ মুকলি কৰে।

ইয়াৰ পাছতে অঞ্চলটোৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান  ৰঙাপৰা মহাবিদ্যালয়ত উপস্থিত হৈ নৱনিৰ্মিত RCC Buliding এটা আনুষ্ঠানিক ভাৱে মুকলি কৰাৰ লগতে মহাবিদ্যালয়খনত  নতুনকৈ নিৰ্মান হবলগীয়া ছাত্ৰাবাস এটাৰো আধাৰশিলা স্থাপন কৰে।