নগাঁওঃ আগন্তুক পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাথো দুটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ প্ৰচাৰ তুংগত উঠাৰ সময়তে বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৯  নং বটদ্ৰৱা  জিলা পৰিষদতো বিভিন্ন প্ৰাৰ্থীয়ে নিজৰ অনুকুলে নিৰ্বাচনী বতাহ বোৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে।  

বিগত সময়চোৱাত কংগ্ৰেছৰ দখলত থকা বটদ্ৰৱা জিলা পৰিষদৰ আসনখন পুনৰ নিজৰ দখলতে ৰখাৰ লক্ষ্যৰে কংগ্ৰেছ কৰ্মী সকলে  দিনে নিশাই প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে । ইতিমধ্যে ৰাজহুৱা সভা-সমিতিকে ধৰি ঘৰে- ঘৰে গৈ চলোৱা প্ৰচাৰ কাৰ্যত অগ্ৰণী ৰূপত অৱস্থান কৰা কংগ্ৰেছৰ প্ৰাৰ্থী ছামিনা ইয়াছমিনে  নিজৰ স্থিতি সবল কৰিবলৈ সক্ষম হোৱা দেখা গৈছে ৷ শিক্ষিতা আৰু অতিকে নম্ৰ স্বভাৱৰ  অধিকাৰী হোৱাৰ লগতে উদাৰমনা, সবল ব্যক্তিত্বৰ অধিকাৰী ছামিনা ইয়াছমিনৰ এক সুকীয়া ইমেজ আছে ভোটাৰ ৰাইজৰ মাজত । 

বৰ্তমান দিন-ৰাতি একাকাৰ কৰি চুকে-কোণে সোমাই পৰি কংগ্ৰেছৰ প্ৰাৰ্থী ছামিনা ইয়াছমিনে ভোটাৰ ৰাইজৰ সঁহাৰি বুটলিবলৈ সক্ষম হৈছে । আনহাতে, জাতীয় আৱেগ ঢালি বিজেপি, অগপ আৰু এ আই ইউ ডি এফ দলৰ কৰ্মী সকলে ভোটাৰৰ মন জয়ৰ চেষ্টা চলাই আছে যদিও বৰ্তমানলৈকে সমষ্টিটোত বিজেপি, অগপ, এ আই ইউ ডি এফৰ প্ৰাৰ্থীৰ স্থিতি সবল হোৱা পৰিলক্ষিত হোৱা নাই বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে। 

এতিয়ালৈকে পৰিলক্ষিত হোৱা নিৰ্বাচনী প্ৰতিচ্ছবিখনত জিলা পৰিষদৰ আসনখনৰ বাবে মূল যুঁজখন কংগ্ৰেছ, বিজেপিৰ আৰু অগপৰ মাজতেই হোৱাৰ পূৰ্ণ সম্ভাবনা আছে ৷ অৱশ্যে, ভোমোৰাগুৰি, বটদ্ৰৱা সত্ৰ, ৰামপুৰ সত্ৰ, কদমণি, ওপৰ ডুমডুমীয়া, শলগুৰি  এই ছয়টা  পঞ্চায়তৰে গঠিত বটদ্ৰৱা  জিলা পৰিষদ সমষ্টিটোৰ ভোটাৰে কাক নিৰ্বাচন কৰে সেয়া অহা ১২ ডিচেম্বৰতহে ওলাই পৰিব। ইফালে,বটদ্ৰৱা সত্ৰ গাঁও পঞ্চায়তৰ সভাপতি পদৰ কংগ্ৰেছৰ প্ৰাৰ্থী মুছলিমা বেগম আৰু আঞ্চলিক সদস্য পদৰ কংগ্ৰেছৰ প্ৰাৰ্থী সমাজসেৱক নগেন বৰা (গনেশ)ৰ বিজয় প্ৰায় নিশ্চিত বুলি ৰাজনীতিৰ সমীক্ষক সকলে মত ব্যক্ত কৰিছে ৷