নগাঁওঃ আগন্তুক পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাথো দুটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ প্ৰচাৰ তুংগত উঠাৰ সময়তে বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৯ নং বটদ্ৰৱা জিলা পৰিষদতো বিভিন্ন প্ৰাৰ্থীয়ে নিজৰ অনুকুলে নিৰ্বাচনী বতাহ বোৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে।
বিগত সময়চোৱাত কংগ্ৰেছৰ দখলত থকা বটদ্ৰৱা জিলা পৰিষদৰ আসনখন পুনৰ নিজৰ দখলতে ৰখাৰ লক্ষ্যৰে কংগ্ৰেছ কৰ্মী সকলে দিনে নিশাই প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে । ইতিমধ্যে ৰাজহুৱা সভা-সমিতিকে ধৰি ঘৰে- ঘৰে গৈ চলোৱা প্ৰচাৰ কাৰ্যত অগ্ৰণী ৰূপত অৱস্থান কৰা কংগ্ৰেছৰ প্ৰাৰ্থী ছামিনা ইয়াছমিনে নিজৰ স্থিতি সবল কৰিবলৈ সক্ষম হোৱা দেখা গৈছে ৷ শিক্ষিতা আৰু অতিকে নম্ৰ স্বভাৱৰ অধিকাৰী হোৱাৰ লগতে উদাৰমনা, সবল ব্যক্তিত্বৰ অধিকাৰী ছামিনা ইয়াছমিনৰ এক সুকীয়া ইমেজ আছে ভোটাৰ ৰাইজৰ মাজত ।