DNA India
DNA India

newsnextone.com | গুৱাহাটীঃ পঞ্চায়ত প্ৰতিনিধিসকলৰ কাৰ্যকাল উকলি যোৱাৰ পিছতো ৰাজ্য চৰকাৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰাত সমালোচনাৰ সন্মুখীন হৈ আহিছে ৰাজ্য চৰকাৰ৷ ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীসকল এনআৰচিৰ কামত নিয়োগ হৈ থকাত নিৰ্বাচন পলমকৈ অনুষ্ঠিত কৰাৰ বাবে মত পোষণ কৰিছিল৷

যাৰ ফলত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ’ব তাকে লৈ ৰাজ্যত ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ বিৰোধী দলে চৰকাৰক তীব্ৰ সমালোচনা কৰি ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাই আহিছে৷ বিষয়টোত ন্যায়ালয়ে হস্তক্ষেপ কৰিব লগা হৈছিল৷ ইয়াৰ মাজতে ছেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে৷ ৰাজ্যিক নিৰ্বাচন আয়োগৰ আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই এই কথা প্ৰকাশ কৰে৷

পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে সাঁজু বুলি মতপোষণ কৰে নিৰ্বাচন আয়োগে৷ আগষ্ট মাহত পঞ্চায়ত নিৰ্বাচনৰ অধিসুচনা জাৰি কৰা হ’ব বুলি জানিবলৈ দিয়ে৷ এনআৰচিৰ কাম চলি থকাৰ ফলত সময়মতে নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাই বুলি চৰাকৰে কৈ আহিছিল যদিও নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দিশে৷ উল্লেখ্য যে, কিছু দিনৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে ছেপ্তেম্বৰৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছিল৷ সময়মতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰাৰ বাবে উচ্চ ন্যায়ালয়ে ৰাজ্যিক নিৰ্বাচন অয়োগ আৰু চৰকাৰক জবাব দিহি কৰিছিল৷