newsnextone.com | গুৱাহাটীঃ পঞ্চায়ত প্ৰতিনিধিসকলৰ কাৰ্যকাল উকলি যোৱাৰ পিছতো ৰাজ্য চৰকাৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰাত সমালোচনাৰ সন্মুখীন হৈ আহিছে ৰাজ্য চৰকাৰ৷ ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীসকল এনআৰচিৰ কামত নিয়োগ হৈ থকাত নিৰ্বাচন পলমকৈ অনুষ্ঠিত কৰাৰ বাবে মত পোষণ কৰিছিল৷
যাৰ ফলত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ’ব তাকে লৈ ৰাজ্যত ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ বিৰোধী দলে চৰকাৰক তীব্ৰ সমালোচনা কৰি ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাই আহিছে৷ বিষয়টোত ন্যায়ালয়ে হস্তক্ষেপ কৰিব লগা হৈছিল৷ ইয়াৰ মাজতে ছেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে৷ ৰাজ্যিক নিৰ্বাচন আয়োগৰ আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই এই কথা প্ৰকাশ কৰে৷