নাৰীক মমতাময়ী, কৰুণাময়ী, সহনশীল, ধৈৰ্যশীল, ত্যাগৰ প্ৰতীক বুলি কোৱা হয়৷ নাৰী সীমাহীন গুণৰ অধিকাৰী৷ কেতিয়াবা যদি নাৰীক দুৰ্গাৰ সৈতে তুলনা কৰা হৈছে আকৌ কেতিয়াবা সৰস্বতীৰ সৈতে তুলনা কৰা হয় নাৰীক৷ পৃথিৱীৰ অনুপম সৃষ্টিৰ মূল চালিকা শক্তি হিচাপে ধৰি লোৱা হয় নাৰীক। নাৰী নাথাকিলে সমাজ সফল হ’ব নোৱাৰে বুলিও কোৱা হয়৷ 

তাহানিতে ঘৰৰ ভিতৰত পৰ্দাৰ আৰত থাকি ঘৰৰ কাম বন কৰি সময় পাৰ কৰিছিল নাৰীয়ে৷ তেতিয়া নাৰী এক প্ৰকাৰ গৃহবন্দী আছিল৷ কিন্তু সময় সলনি হ’ল৷ লাহে লাহে নাৰীৰ বন্দীত্বৰ শিকলি খোল খালে৷ লাহে লাহে মুকলি আকাশৰ তলতৈ ওলাই আহিলে নাৰী৷ এতিয়াৰ নাৰী স্বাধীন৷ নিজৰ অধিকাৰৰ বাবে যুঁজ দিব পৰা হ’ল৷ নাৰীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিলে৷ চৰকাৰৰ উচ্চ পদবীত অধিষ্ঠিত হ’ল৷ আত্ম-নিৰ্ভৰশীল হৈ পৰিল নাৰী৷ পুৰুষৰ সমানে সমানে আগুৱাই গ’ল আধুনীক নাৰী৷ মহাকাশ ভ্ৰমি নাৰীয়ে প্ৰমাণ কৰিলে নাৰী কোনো কাৰণতে দুৰ্বল নহয়৷ 

বিশ্বৰ কেইবাখনো দেশৰ শাসনভাৰ নাৰীয়ে হাতত লৈ চলাইয়ো প্ৰমাণ কৰিলে প্ৰশাসন চলাব পৰাৰ কথা৷ আমাৰ চুবুৰীয়া দেশ বাংলাদেশৰ ৰাজনৈতিক ক্ষেত্ৰখনত দুগৰাকী মহিলাই ফেৰ মাৰি আহিছে৷ আমাৰ দেশত ছোনিয়া গান্ধী, সুষমা স্বৰাজৰ দৰে নেত্ৰীয়ে ৰাজনীতিত পৰিপক্কতাৰ পৰিচয় দিছে৷ নিৰ্মালা সীতাৰমণে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্ব লৈ দেশৰ ৰাজনীতিত চৰ্চালৈ আহিছে৷ কেৱল ৰাজনীতিতে নহয় খেল, চিনেমা, উদ্যোগ ক্ষেত্ৰখনত জিলিকি উঠিছে দেশৰ নাৰী৷ 

আমাৰ ৰাজ্যখনত তথা উত্তৰ-পূৰ্বাঞ্চলত বহু নাৰীয়ে দেশ তথা জাতিৰ হকে কাম কৰি পৰিচয় দাঙি ধৰিছে৷ দেশৰ হকে প্ৰাণ দিবলৈ কুন্ঠাবোধ কৰা নাছিল আমাৰ ৰাজ্যখনৰ বহু নাৰীয়ে৷ স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল আমাৰ ৰাজ্যৰ নাৰীয়ে৷ অসমৰ ইতিহাসৰ পাতত সোণালী আখৰেৰে নাম লিপিবদ্ধ হৈ থকা কনকলতা স্বাধীনতা আন্দোলনৰ সেনানী আছিল৷ স্বাধীনতা আনদোলনৰ সময়ত বৃটিছৰ বিৰুদ্ধে যুঁজ দিবলৈ গঠন হোৱা ‘মৃত্যু বাহিনী’ত যোগ দিছিল সাহসী নাৰী কনকলতাই৷ ১৯৪২ চনৰ ২০ চেপ্টেম্বৰত বৃটিছৰ পতাকা নমাই ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈ মৃত্যুক আকোৱালি লৈছিল তেওঁ৷ হাজাৰ হাজাৰ পুৰুষৰ মাজৰ পৰা অকলে থানাৰ ভিতৰলৈ গৈ বৃটিছৰ পতাকা নমাবলৈ গৈ কনকলতাই যুজ দিছিল দেশ তথা দহৰ হকে৷ বৃটিছৰ চিপাহীয়ে কনকলতাক বুকুলৈ লক্ষ্য কৰি গুলী কৰি হত্যা কৰিছিল কনকলতাক৷ 

অসমৰ বুৰঞ্জীৰ ইতিহাসৰ পাত লুটিয়াই চালে জয়মতী কুঁৱৰীৰ চৰিত্ৰই সকলোকে চিন্তিত কৰে৷ জয়মতীৰ দৰে সাহসী নাৰীয়ে দেশৰ হকে জীৱন ত্যাগ কৰাৰ উদাহৰণ আছে৷ আহোমৰ তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপাণিৰ পত্নী জয়মতীয়ে দেশৰ হকে জীৱন ত্যাগ কৰাৰ বাবে সদায় চিৰস্মৰণীয় হৈ থাকিব৷ বিশেষ পৰিস্থিতিৰ দাস হৈ স্বামী গদাপাণিয়ে পলাই ফুৰিবলগীয়া হৈছিল৷ জয়মতীয়ে তেওঁৰ ঠিকনা ৰজাৰ সৈন্যক নকৈ বহুদিন ধৰি শাস্তি খাই অৱশেষত মৃত্যু বৰণ কৰিছিল৷ পৰাধীন ভাৰতৰ আন এগৰাকী বিৰংগনা ভোগেশ্বৰী ফুকননী৷ স্বাধীনতা আন্দোলনৰ হোতা আছিল ফুকননী৷ দেশৰ স্বাধীনতা আন্দোলনত জপিয়াই পৰি জেল হাজোতলৈ গৈছিল তেওঁ৷ ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত বৃটিছৰ গুলীত নিহত হৈছিল এইগৰাকী অসমীয়া নাৰী৷ 

ইতিহাসৰ পাত লুটিয়াই চালে দেখা যায় যে, আমাৰ ৰাজ্যখনত অলেখ নাৰীয়ে দেশ তথা জাতিৰ হকে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি আত্মবলিদান দিছিল৷ সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন পৰিহাৰৰ দাবীত আমাৰ চুবুৰীয়া ৰাজ্য মণিপুৰত যোৱা দুটি দশক ধৰি উত্তাল হৈ আছে৷ মণিপুৰৰ ইৰম চানু শৰ্মিলা নামৰ মহিলাগৰাকীয়ে এই আইনখন প্ৰত্যাহাৰৰ দাবীত আমৰন অনশন কৰি ইতিহাস ৰচে৷ আজিৰ পৰা ১৩ বছৰ পূৰ্বে মণিপুৰত একাংশ মহিলাই উলংগ হৈ ৰাজপথলৈ ওলাই আহে৷ আসাম ৰাইফলছে মণিপুৰী মহিলাক ধৰ্ষণ কৰাৰ বিৰুদ্ধে ৰাজপথত উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰি বিশ্বত খলকনিৰ সৃষ্টি কৰে৷ 

দেশ তথা আমাৰ ৰাজ্যখনত অলেখ নাৰীয়ে এনেদৰে জাতিৰ হকে আজিও কাম কৰি আহিছে বা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ শেহতীয়াকৈ ৰাজ্যখনৰ একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে কেইগৰাকীমান প্ৰতিবাদী নাৰীক টাৰ্গেট কৰি তুচ্ছ-তাচ্ছিল্য কৰি থকা দেখা গৈছে৷ 

এটি ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতা কৰা একাংশ লোকে টাৰ্গেট কৰি বিভিন্ন ধৰণে প্ৰতিবাদী নাৰী কেইগৰাকীক অপমানসূচক বাক্য প্ৰয়োগ কৰা পৰিলক্ষিত হৈছে৷ নিৰ্দিষ্ট আদৰ্শ প্ৰচাৰৰ বাবে ফেচবুকত থকা ভুৱা একাউন্ট যোগে নাৰীক সমালোচনা কৰা হৈছে৷ যোৱা ১ ছেপ্তেম্বৰত মহানগৰীৰ দীঘলীপুখুৰী পাৰত স্বাধীন নাৰী শক্তি নামৰ এটি শক্তিয়ে মূৰৰ চুলি খুৰাই ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ খিলঞ্জীয়াৰ প্ৰভূত্ব ৰক্ষাৰ লগতে খিলঞ্জীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ বন্ধ কৰাৰ দাবীত সংগঠনটোৰ কেইবাগৰাকী মহিলাই মূৰৰ চুলি খুৰাই প্ৰতিবাদ সাব্যস্ত কৰে৷ 

তাৰ পাছৰে পৰা একাংশ লোকে ফেচবুকত প্ৰতিবাদী মহিলা কেইগৰাকীক টাৰ্গেট কৰি তুচ্ছ-তাচ্ছিল্য কৰা দেখা যায়৷ আচৰিত কথা এয়ে যে মহিলাসকলে মুণ্ডন কৰি প্ৰতিবাদ সাব্যস্ত কৰা কাৰ্যৰ বিৰোধিতা কৰিছে স্বয়ং মহিলাসকলেই। একাংশ মহিলাই পশ্চাদগামী মানসিকতাৰ পৰিচয় দি প্ৰতিবাদ কৰিবলৈ 'নাৰীৰ সৌন্দৰ্যৰ আধাৰ চুলিকোছা'হে পালে নেকি বুলিও প্ৰশ্ন কৰা দেখা গৈছে। কেৱল ইমানে নহয় একাংশ লোকে এইবেলি দুৰ্গা পূজাত চুলি টাকলু কৰি ফেশ্যন কৰিব বুলিও কটুক্তি কৰে৷ জনপ্ৰিয় হিন্দী বোলছবিৰ বাৰ ডান্সাৰ ইনা মিনা দিকা আখ্যা দিয়ে তেওঁলোকক৷ কংগ্ৰেছৰ দালাল আখ্যা দিয়াৰ লগতে কংগ্ৰেছৰ পৰা টকা লৈ প্ৰতিবাদ কৰা বুলিও উভতি ধৰে৷ 

উল্লেখ্য যে, যোৱা ৩১ মে’ত হোজাই জিলাৰ যমুনামুখত এগৰাকী শিক্ষয়িত্ৰী বিদ্যালয় ছুটী হোৱাৰ পিছত ঘৰলৈ গৈ থকা অৱস্থাতে আদবাটতে কোনো অজ্ঞাত দুৰ্বৃত্তই দলৱদ্ধ ধৰ্ষণ কৰি হত্যা কৰে৷ মৃতদেহ কপিলী নৈত উটুৱাই দিয়াৰ দৰে এক জঘন্য কাণ্ড সংঘটিত হৈছিল৷ যমুনামুখ আৰক্ষী থানাৰ অন্তৰ্গত চাংজুৰাই গাঁৱৰ ইলাচি দেউৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অৰ্ণমাই বৰা(৫৫)ৰ মৃতদেহ কপিলী নদীত উদ্ধাৰ হৈছিল৷ প্ৰায় সংখ্যাক লোকে শিক্ষয়িত্ৰী অৰ্ণমাই বৰা হত্যাৰ সময়ত স্বাধীন নাৰী শক্তি নামৰ সংগঠনটো ক’ত আছিল বুলি প্ৰশ্ন কৰে৷ সেই সময়ত এগৰাকী নাৰীৰ হৈ কিয় প্ৰতিবাদ কৰা নাছিল উভতি ধৰে৷ 

পিছে তেওঁলোকৰ অভিযোগক অসত্য প্ৰমাণিত কৰি স্বাধীন নাৰী শক্তি নামৰ সংগঠনটোৱে মহানগৰীত অৰ্ণমাই বৰা হত্যাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ হাতে হাতে প্লেকাৰ্ড লৈ দিছপুৰ থানাৰ সন্মুখত অৰ্ণমাই হত্যাৰ প্ৰতিবাদ কৰিছিল সংগঠনটোৱে৷ মহিলা সংগঠনটোৱে মদ নিবাৰণৰ দাবীত গুৱাহাটী মহানগৰীত গণ স্বাক্ষৰ অভিযান চলোৱাৰ লগতে বিভিন্ন প্ৰতিবাদ কৰা বুলিও জানিব পৰা গৈছে৷ আমি ক'ব খোজা নাই যে এই সংগঠনটো ৰাইজৰ পক্ষত আছে বা ৰাইজৰ হকে মাত মাতি গৈছে। এনে হাজাৰ সংগঠন আছে যিবোৰ সংগঠনে হোৱাই-নোহোৱাই কেৱল প্ৰতিবাদ সাব্যস্ত কৰিয়েই দায়িত্ব সামৰে। আমাৰ আপত্তি এইখিনিতেই যে তেনে হাজাৰ-বিজাৰ সংগঠন থকাৰ পিছতো সেইবোৰৰ নীৰৱ ভূমিকাক লৈ কোনেও সৰৱ নহৈ কেইগৰাকীমান প্ৰতিবাদী মহিলাই মুণ্ডনেৰে প্ৰতিবাদ সাব্যস্ত কৰা বাবে একাংশ লোকে মহিলা হৈ কিয় মুণ্ডন কৰিব লাগে বুলি প্ৰশ্ন উত্থাপন কৰাটোতহে। আমাৰ আপত্তি হৈছে বৰ্তমানৰ চৰকাখৰনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলেই একাংশ অন্ধ সমৰ্থকে ঠাট্টা-মস্কৰা কৰাটোক লৈ। এনে পৰিস্থিতি আমি প্ৰশ্ন কৰিবলৈ বাধ্য হৈ পৰিছো যে ৰাজ্য চৰকাৰখনক কোনো লোকে সমালোচনা কৰিব নোৱাৰিব নেকি? আমাৰ বোধেৰে, ৰাজ্য চৰকাৰখনক সমালোচনা কৰিলেই একাংশ লোকে জকজকাই উঠা প্ৰৱণতা কিয় বৃদ্ধি পাইছে সেয়াও এক গৱেষণাৰ বিষয় হৈ পৰিছে৷ 

দেখা গৈছে যে, ফেচবুকত চৰকাৰৰ বিৰুদ্ধে টু শব্দ এটা লিখিলেই শ শ ভুৱা ফেচবুক একাউন্টৰ গৰাকীয়ে অশ্লীল কথা-বতৰাৰে কমেন্ট দিবলৈ আৰম্ভ কৰে৷ চৰকাৰৰ বিৰুদ্ধে জনবিৰোধী নীতিৰ বিৰুদ্ধে সকলোৱে প্ৰতিবাদ কৰিবই৷ দীনদয়াল উপাধ্যায়ৰ নামত কলেজ, নগাঁও কাণ্ডৰ বিৰুদ্ধে ৰাজ্যৰ দল-সংগঠনে প্ৰতিবাদ কৰিছে৷ মহিলাৰো অধিকাৰ আছে প্ৰতিবাদ কৰাৰ৷ যদি কাৰ্বি আংলঙত পুৰুষে চৰকাৰৰ বিৰুদ্ধে উলংগ হৈ প্ৰতিবাদ কৰিব পাৰে মহিলাই মূৰৰ চুলি খুৰাই প্ৰতিবাদ কৰিব নোৱাৰিব কিয়৷ চুলি মহিলাৰ সৌন্দৰ্যৰ সৈতে জড়িত হ’ল বুলিয়েই সেয়া মুণ্ডন কৰি মহিলাই প্ৰতিবাদ কৰিব নোৱাৰিব বুলি কোনো পশ্চাদগামী মানসিকতাৰ লোকে দাবী কৰিব পাৰে, কিন্তু ভাৰতীয় সংবিধান আৰু আইনে মহিলাক তেনেদৰে প্ৰতিবাদ সাব্যস্ত কৰাত বাধা দিয়া নাই৷ পুৰুষৰ দৰে মহিলাৰো আছে মুণ্ডনেৰে প্ৰতিবাদ কৰাৰ অধিকাৰ৷

আজি যদি বিজেপি শাসনত থকা অৱস্থাত অনিয়মৰ বিৰুদ্ধে মহিলাই মুণ্ডন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে, তেন্তে কাইলৈ কংগ্ৰেছ বা আন দল শাসনলৈ আহি অন্যায়-অনিয়ম সংঘটিত কৰিলে তেতিয়াও মহলাই মুণ্ডনৰে প্ৰতিবাদ সাব্যস্ত কৰিব পাৰে৷ এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে ২০০৪ চনত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী প্ৰধানমন্ত্ৰী হ’ব পাৰে বুলি বাতৰি ওলোৱাৰ পিছতে বিজেপিৰ নেত্ৰী সুষমা স্বৰাজে মুণ্ডন কৰি প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সকীয়নি দিছিল৷ গতিকে এটা কথা ঠিক যে প্ৰতিবাদত পুৰুষ-নাৰীৰ পাৰ্থক্য ৰখা অনুচিত৷ কেৱল পুৰুষেহে মুণ্ডন কৰি প্ৰতিবাদ কৰিব পাৰে, মহিলাই নোৱাৰে তেনে কোনো কথা নাই৷ অন্যায়-অনিয়মৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হ’বই৷ প্ৰতিবাদক গুৰুত্ব দি প্ৰতিবাদী লোকসকলৰ সমস্যা সমাধান কৰিবলৈ যিখন চৰকাৰ আগবাঢ়ি আহিব সেইখন চৰকাৰেই জনতাৰ মনত আদৰ্শ চৰকাৰ হিচাপে প্ৰতিষ্ঠিত হ’ব৷

যিকোনো ধৰণৰ প্ৰতিবাদক উপলুঙা কৰাতকৈ কোনো লোকেই যাতে প্ৰতিবাদ কৰিবলগীয়া নহয়, তেনেদৰে দেশ শাসন কৰিবলৈ যত্ন কৰাতহে গুৰুত্ব আৰোপ কৰা উচিত চৰকাৰ-প্ৰশাসনে৷ আৰু যদিহে সেয়া কৰিব নোৱাৰে তেন্তে ভিন্ন ভাষাৰে প্ৰতিবাদ সাব্যস্ত হ’বই৷ আজি যদি মহিলাই মুণ্ডনেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে, আজি যদি পুৰুষে উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে কাইলৈ হয়তো আৰু অইন ভাষাৰে প্ৰতিবাদ সাব্যস্ত হ’ব৷ আনকি আজি যিসকলে প্ৰতিবাদৰ বিৰোধিতা কৰিছে সেইসকলেও যেতিয়া চৰকাৰ-প্ৰশাসনৰ কু-নীতিৰ পৰিণাম ভোগ কৰিব তেতিয়া তেওঁলোকেও চৰকাৰ মুৰ্দাবাদ ধ্বনি দি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈ পৰিব৷ মুঠৰ ওপৰত এটা কথা ঠিক যে মহিলাই প্ৰতিবাদ কৰিলে বুলিয়েই ইনা মিনা দিকা হৈ নাযায়৷ পুৰুষ-মহিলা সকলোৱেই প্ৰতিবাদ কৰাৰ অধিকাৰ থকা বাবেইতো দেশত আজিও গণতন্ত্ৰ জীয়াই আছে৷ অন্যথা ৰজা আৰু ৰজাৰ ভৃত্যৰ কথামতেই দেশ চলা ব্যৱস্থা প্ৰৱৰ্তন হ’লে এই দেশ আৰু দেশ হৈ নাথাকিব!!