নতুন দিল্লীঃ ২০০১ চনত ১৩ ডিচেম্বৰ। এটা ভয়াবহ দিন। আজিৰপৰা ১৭ বছৰ পূৰ্বে এই দিনটোতে সন্ত্ৰাসবাদীয়ে সংসদ ভৱনত আক্ৰমণ চলাই সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। 

মাৰণাস্ত্ৰৰে সু-সজ্জিত পাঁচ সন্ত্ৰাসবাদী সংসদ ভৱনৰ চৌহদত প্ৰৱেশ কৰি যধে-মধে গুলীচালনা কৰাত ন-জন লোক নিহত হৈছিল। ইয়াৰে পাঁচজন চি আৰ পি এফক জোৱান, এগৰাকী চি আৰ পি এফৰে মহিলা কেডাৰ, তিনিজন সংসদ ভৱনতে কাম কৰা কৰ্মচাৰী আৰু মালী। আক্ৰমণ চলোৱা আটাইকেইটা সন্ত্ৰাসবাদীকো নিধন কৰা হৈছিল। 

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং, ইউ পি এৰ অধ্যক্ষা ছোনিয়া গান্ধীকে ধৰি ৰাজনৈতিক নেতাসকলে আজিৰ দিনটোৰ উপলক্ষে বীৰ ছহিদসকলৰ লগতে সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহতসকলকলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।