মুছলপুৰঃ আশা কৰা ধৰণেই মঙলবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ ফলাফলত উজলি উঠিবলৈ সমৰ্থ হয় বৰপেটা জিলাৰ সৰ্থেবাৰী আৰু পাঠশালা।
কলা শাখাত ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান দখলেৰে সৰ্থেবাৰীক পুনৰবাৰ উজলাই তোলে অলকা দাসে। সৰ্বমুঠ ৪৮০ নম্বৰেৰে শীৰ্ষ স্থান অধিকাৰ কৰে অলকাই।
লখিমপুৰৰ পৰা আহি সৰ্থেবাৰীৰ নসত্ৰ কৃষ্ণগুৰু আশ্ৰমৰ চৌহদত থকা কৃষ্ণগুৰু মহাবিদ্যালয়ত অধ্যায়ন কৰা অলকাৰ মন প্ৰশাসনিক বিষয়া হোৱাৰ। কৃষ্ণগুৰু মহাবিদ্যালয়তে স্নাতক শাখাত নাম ভৰ্তি কৰিব বুলিও জানিবলৈ দিয়ে কৃতী ছাত্ৰীগৰাকীয়ে।
উল্লেখ্য যে নসত্ৰৰ এইখন মহাবিদ্যালয় সম্পূৰ্ণৰূপে আধ্যাত্মিক নীতি-নিয়মৰ মাজেৰে পৰিচালিত হয়। মাটিত বহি পাঠ লোৱা এই মহাবিদ্যালয়খনৰ কোনো ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় চৌহদত মোবাইল ফোন ব্যৱহাৰ নকৰে।
আনহাতে ৮ গৰাকী শিক্ষাৰ্থীয়ে নাম উজলাই তোলে শিক্ষা নগৰী পাঠশালাৰ। চহৰখনৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ ৪ গৰাকীকৈ শিক্ষাৰ্থীয়ে স্থান লাভ কৰে। বিজ্ঞান শাখাত শিক্ষানুষ্ঠানখনৰ দুগৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰাৰ বিপৰীতে কলা শাখাতো দুগৰাকীয়ে স্থান লাভ কৰে। বিজ্ঞান শাখাত অবিনাশ কলিতাই দ্বিতীয় আৰু অসীম মজুমদাৰে অষ্টম স্থান দখল কৰে। কলা শাখাত শিক্ষানুষ্ঠানখনৰ মেঘনা গোস্বামীয়ে নৱম আৰু হিমাদ্ৰী বসুৱে দশম স্থান অধিকাৰ কৰে।
একেদৰে আনন্দৰাম বৰুৱা একাডেমীৰো ৩গৰাকীকৈ শিক্ষাৰ্থীয়ে বিজ্ঞান শাখাত স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। শিক্ষানুষ্ঠানখনৰ কুনাল হ’ৰে তৃতীয়, ইলিয়াছ ৰাণা খানে চতুৰ্থ আৰু দৰ্শনা তালুকদাৰে নৱম স্থান লাভ কৰে। বজালী মহাবিদ্যালয়ত অধ্যয়নৰত পাঠশালাৰ ইন্দিবৰ তালুকদাৰে বিজ্ঞান শাখাত লাভ কৰে পঞ্চম স্থান।