বিশেষ প্ৰতিবেদনঃ বহু বছৰৰ পিছত সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ক’লা বেজ পিন্ধি প্ৰতিবাদত নামিল বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী। যোৱা ২২ আৰু ২৩ আগষ্টত দুদিনীয়া কৰ্ম বিৰতিও হৈ গ’ল। বহু বছৰৰ পিছত শিক্ষক-কৰ্মচাৰী আৰু অন্যান্য চৰকাৰী সংস্থাৰ বিষয়া-কৰ্মচাৰীৰ প্ৰতিবাদে একপ্ৰকাৰ উত্তাল কৰি তোলে ৰাজ্যৰ পৰিৱেশ।
চৰকাৰী কৰ্মচাৰীৰ এই প্ৰতিবাদৰ দাবী আছিল ৰাজ্যত নিশ্চিত পেঞ্চন আঁচনি অৰ্থাৎ অ’ পি এছ পুনৰ প্ৰৱৰ্তন কৰা। অৱসৰৰ পিছত অনিশ্চিত নিৰাপত্তাৰ আশংকাত এনেদৰে কৰ্তব্যৰত হৈ থকা সময়তে তেওঁলোকে প্ৰতিবাদ কৰিবলৈ বাধ্য হয়। কিন্তু কি এই অ’ পি এছ? কিয় বা বিৰোধিতা কৰা হৈছে চৰকাৰে প্ৰৱৰ্তন কৰা নতুন পেঞ্চন আঁচনিৰ? অ’পিএছ পুনৰ প্ৰৱৰ্তনৰ দাবীত প্ৰতিবাদ কেৱল অসমতে হোৱা নাই। মধ্যপ্ৰদেশ, দিল্লী, উত্তৰ প্ৰদেশ আদি দেশৰ বহু ৰাজ্যত এতিয়া অ’পিএছৰ দাবীত প্ৰতিবাদত নামিছে চৰকাৰী কৰ্মচাৰী।