ডিজিটেল ডেস্কঃ ভাৰত আৰু চীনৰ মাজৰ সীমা বিবাদ পৰস্পৰৰ বাবে ভংয়কৰ ক্ষতিকাৰক আখ্যা দিয়া পেণ্টাগণে অতি শীঘ্ৰে দেশদুখনৰ মাজত আলোচনাৰ মাজেৰে বুজাবুজিলৈ অহাৰ বাবে পৰামৰ্শ আগবঢ়াইছে। বিষয়টোত গভীৰ শংকা ব্যক্ত কৰি পেণ্টাগণৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ গেৰী ৰছে যোৱাটো সপ্তাহত দেশ দুখনৰ মাজত আলোচনাৰ বাবে উৎসাহ যোগোৱাৰ কথা সংবাদ মাধ্যমযোগে সদৰী কৰিছে।

চিকিমৰ ডকলাম অঞ্চলত চীনে ৰাস্তা নিৰ্মাণেৰে আধিপত্য বিস্তাৰ কৰাৰ ভাৰতে তীব্ৰ বিৰোধেৰে থিয় দিছে। জুন মাহৰ পৰা চলা এই অৰিয়া-অৰি এমাহৰো অধিক কাল চলিছে। উল্লেখ্য যে পেণ্টাগণৰ শীৰ্ষ কমাণ্ডাৰ বিগত সপ্তাহত আঞ্চলিক অৰ্থনৈতিক পৰিস্থিতিত শোষণৰ নীতি অৱলম্বন কৰাৰ অভিযোগ তুলিছিল। 

ভাৰত-চীনৰ বৰ্ধিত বিবাদে পেণ্টাগণক চিন্তাত পেলাইছে নেকি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিষয়টো গুৰুতৰ বুলি উল্লেখ কৰি গেৰী ৰছে অইন কোনোধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকে।  হেতুকে  চীনৰ সামৰিক বিভাগৰ আধুনিকীকৰণৰে চমক দিয়াৰ সময়তে আমেৰিকাকে ধৰি ইয়াৰ মৈত্ৰী দেশসমূহে চীনৰ শক্তিক ভাৰসাম্যলৈ অনাৰ বাবে অহৰহ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে।