newsnextone.com |  কাজিৰঙাঃ বান পীড়িতক পৰ্যাপ্ত সাহায্য প্ৰদান আৰু পোহনীয়া জীৱ-জন্তুৰ বাবে পৰ্যাপ্ত পশু খাদ্য প্ৰদান কৰিবৰ বাবে বিভিন্ন দল-সংগঠনে দাবী উত্থাপন কৰিছে তেনে সময়ত পশুপালন মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতত পশু খাদ্য বিচাৰি কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। 

বান ক্ষতিগ্ৰস্তই বাৰম্বাৰ অনুৰোধ কৰা স্বত্বেও মন্ত্ৰী অতুল বৰাই গুৰুত্ব প্ৰদান নকৰাত বোকাখাতৰ কৃষি বিষয়াই বানাক্ৰান্ত কৃষকৰ বাবে চৰকাৰী সাহায্য প্ৰদানৰ পৰা বিৰত আছে। চৰকাৰৰ সৃষ্ট নীপকোৰ কৃত্ৰিম বানত গোলাঘাট জিলাৰ গোলাঘাট, ৰঙাজান, দৈয়াং, টেঙানি, নুমলীগড়, ৰঙামাটি, খুমটাই, বংকোৱাল, মহুৰামুখ, কমাৰগাঁও আদিকে ধৰি বিভিন্ন এলেকা বুৰ যায়। 

নীপকোৱে এৰি দিয়া পানীয়ে সৃষ্টি কৰা বানত বোকাখাত বিধান সভা সমষ্টিৰ ২৬ খন ৰাজহ গাঁও ক্ষতি গ্ৰস্ত হৈছে। বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই। পৰ্যাপ্ত বান সাহায্যৰ অভাৱত বান শিবিৰ সমূহত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। বেছি সংখ্যক কৃষি ভূমি বানত বুৰ যোৱাত বানপীড়িত জনতাৰ পোহনীয়া পশুধনৰ বাবে যথেষ্ট খাদ্যৰ নাটনি হৈছে। 

ৰাইজে বাৰম্বাৰ ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক উদ্ধাৰ কৰি বিজ্ঞানসন্মত আশ্ৰয় শিবিৰ প্ৰদান, চিকিৎসা শিবিৰ মুকলি কৰা, এছ ডি আৰ এফৰ অধীনত ক্ষতিগ্ৰস্ত পৰিয়ালৰ পশুধনৰ বাবে পশু খাদ্য বিতৰণ কৰাৰ বাবে দাবী উত্থাপন কৰি আহিছে যদিও ৰাইজৰ দাবীক উপেক্ষা কৰিছে বোকাখাত প্ৰশাসনৰ লগতে কৃষি তথা পশুপালন মন্ত্ৰী অতুল বৰাই। কেৱল বোকাখাত মহকুমা প্ৰশাসনে এছ ডি আৰ এফৰ নীতি অনুসৰি বান সাহায্য প্ৰদান কৰাৰ বিপৰীতে মাত্ৰ কেইমুঠিমান চাউল, ডাইল আদি বিতৰণ কৰিয়েই দায়িত্ব সামৰে। 

মহুৰা মৌজাৰ কেইটামান এলেকাত কেই বেগমান পশু খাদ্য দিয়েই দায়িত্ব সামৰে বোকাখাত মহকুমা পশুপালন বিভাগে। পশু খাদ্যৰ নামত একোৱেই পোৱা নাই বানত ক্ষতিগ্ৰস্ত সিংহভাগ কৃষকে। একাংশ ৰাইজে কৰা দাবী অনুসৰি, ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজি চমুকৈ এছ ডি আৰ এফৰ নীতি অনুসৰি প্ৰলয়ংকাৰী বানত আক্ৰান্ত ৰাইজৰ ডাঙৰক প্ৰতিদিনে ৬০০ গ্ৰাম চাউল, চিৰা ৬০০ গ্ৰাম, সৰুক ৪০০ গ্ৰাম চাউল, ৪০০ গ্ৰাম চিৰা, ১০০ গ্ৰাম দাইল, মিঠাতেল ৩০ মি. লি., গুৰ ১০০ গ্ৰাম, চিৰা ৬০০ গ্ৰাম, নিমখ ৩০ গ্ৰাম ৩০ দিনলৈ প্ৰদান কৰাটো বাধ্যতামূলক। আনহাতে, বানপীড়িত প্ৰতিটো ম'হৰ বাবদ প্ৰতিদিনে ৫ কিল'গ্ৰাম পশু খাদ্য, গৰুৰ বাবদ ৪ কিল'গ্ৰাম, গাহৰিৰ বাবদ ৫ কিল'গ্ৰাম, ছাগলী, ভেড়াৰ বাবদ এক কিল'গ্ৰাম পশু খাদ্য প্ৰদান কৰিব লাগে। 

প্ৰতিটো ডাঙৰ ম'হ, গৰু, গাহৰিৰ বাবদ পোহপাল দিয়া পৰিয়ালটোক প্ৰতিদিনে ৭৫/- টকাকৈ আৰু প্ৰতিটো সৰু ম'হ, গৰু, গাহৰি আৰু ছাগলীৰ বাবদ পোহপাল দিয়া পৰিয়ালটোক প্ৰতিদিনে ৩৫/- টকাকৈ প্ৰদান কৰিব লাগে। সমান্তৰালকৈ, মৃত্যু হোৱা প্ৰতিটো ডাঙৰ ম'হ, গাই গৰু, গাহৰিৰ বাবদ পোহপাল দিয়া পৰিয়ালটোক ৩০,০০০/- টকাকৈ, প্ৰতিটো সৰু ম'হৰ বাবদ ১৬,০০০/- টকা, বলধ গৰুৰ বাবদ ২৫,০০০/- টকা, দমৰা গৰুৰ বাবদ ১৬,০০০/- টকা, সৰু গাহৰিৰ বাবদ ৩০০০/- টকা আৰু ছাগলীৰ বাবদ ৩০০০/- টকা পোহপাল দিয়া পৰিয়ালটোক প্ৰদান কৰিব লাগে। কিন্তু, এই সাহায্যৰ পৰা বঞ্চিত হৈ আছে বৃহত্তৰ অঞ্চলটোৰ জনগণ। 

বান পীড়িত একাংশ ৰাইজে সাধাৰণ ত্ৰিপাল এখন পোৱাৰ পৰাও বঞ্চিত হৈছে। একাংশ এলেকাত গৰ্ভৱতী মহিলা, বৃদ্ধ-বিকলাংগ লোক থাকিবৰ বাবে উপযুক্ত পৰিৱেশ পোৱা নাই। গৰু-গাহৰিৰ স'তে নিশা যাপন কৰিব লগাত পৰিছে বানপীড়িত জনগণ। বিশুদ্ধ খোৱাপানী, চিকিৎসা সেৱাৰ পৰাও বঞ্চিত হৈ আছে বোকাখাত মহকুমাৰ অজস্ৰ বানপীড়িত। 

ইপিনে, চৰণীয়া পথাৰসমূহ এতিয়াও বাঢ়নী পানীৰ তলত থকাত ভীষণ খাদ্য সংকটে দেখা দিছে বৃহত্তৰ অঞ্চলটোৰ পশুধনৰ মাজত। বানত পশুধনৰ মৃত্যু হ'লে চৰকাৰে  ক্ষতিপূৰণ দিয়াৰ দৰে জনহিতকৰ আঁচনিৰ হেতু পশুপালন বিভাগে জৰীপ কৰি হিতাধিকাৰীৰ নাম তালিকা প্ৰস্তুত কৰিব লাগে। অঞ্চলটোৰ বহু কৃষকৰ বানত পশুধন মৃত্যু হৈছে যদিও দায়িত্বহীন কৃষি বিষয়াই জৰীপৰ কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। 

স্বয়ং বোকাখাতৰ বিধায়ক অতুল বৰা ৰাজ্যৰ কৃষি তথা পশুপালন মন্ত্ৰীৰ দায়িত্বত থকাৰ পাছতো সমষ্টিৰ হাজাৰ হাজাৰ বানপীড়িত পৰিয়ালৰ পোহনীয়া জন্তু পশু খাদ্যৰ পৰা বঞ্চিত হৈ থকাটো লজ্জাজনক বুলি কয় একাংশ ৰাইজে ।

 উল্লেখ্য যে, যোৱা ৩ আগষ্টত স্থানীয় বিধায়ক তথা কৃষি আৰু পশু পালন মন্ত্ৰী অতুল বৰাই মহুৰা মৌজাৰ বানাক্ৰান্ত এলেকাসমূহ পৰিদৰ্শন কৰি পশু খাদ্য আৰু শিশু খাদ্য নিশ্চিত ভাৱে বানাক্ৰান্তই লাভ কৰাৰ ক্ষেত্ৰত আধিক গুৰুত্ব আৰোপ কৰি প্ৰশাসনক কঠোৰ নিৰ্দেশ দিয়া বুলি মন্ত্ৰী বৰাই ৰাইজৰ উপস্থিতিত সাংবাদিকক সদৰি কৰিছিল। 

কিন্তু, মন্ত্ৰী বৰাৰ সদিচ্ছাৰ অভাৱৰ বাবেই প্ৰাকৃতিক দুৰ্যোগত বেয়াকৈ ক্ষতিগ্ৰস্ত কৃষকৰ দুৰ্দশালৈ পিঠি দি ৮ দিন ধৰি বানৰ কৱলত পৰা পশুধনৰ কাৰণে সংশ্লিষ্ট বিভাগটোৱে পশু খাদ্য দিয়াৰ পৰা বিৰত আছে।