newsnextone.com | ডিজিটেল ডেস্কঃ পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে দেশত নতুন ৰেকৰ্ড গঢ়িছে৷ প্ৰতিদিনে বৃদ্ধি হৈ থকা পেট্ৰল-ডিজেলৰ আকাশলংঘী মূল্যই এতিয়া সাধাৰণ-নিম্ন-মধ্যবিত্তক জ্বলা-কলা খুৱাইছে৷ মূল্য বৃদ্ধি বন্ধ হোৱাৰ আশ্বাস দি শাসনৰ গাদীত অধিষ্ঠিত হোৱা কেন্দ্ৰৰ মোডী চৰকাৰে প্ৰতিদিনে বৃদ্ধি কৰিছে পেট্ৰল-ডিজেলৰ মূল্য৷ যাৰ ফলত মোডীক মিথ্যাচাৰী আখ্যা দিবলৈও কুণ্ঠাবোধ কৰা নাই সাধাৰণ জনতাই৷

কৰ্ণাটক নিৰ্বাচনৰ ফলাফল ঘোষণাৰ এদিন পূৰ্বৰে পৰা ক্ৰমাগত ভাৱে বৃদ্ধি হৈ আহিছে পেট্ৰল-ডিজেলৰ মূল্য৷ এটা সপ্তাহত চৰকাৰৰ মূল্য বৃদ্ধিৰ নীতিয়ে জ্বলা-কলা খুৱাইছে সাধাৰণ জনতাক৷ পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধিৰ লগে লগে যাত্ৰীবাহী বাহনৰ ভাড়াও বৃদ্ধি হোৱাত সাধাৰণ জীৱন যাত্ৰা কিছু পৰিমাণে স্থবিৰ হৈ পৰা পৰিলক্ষিত হৈছে৷

কিন্তু জনতাৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়া কেন্দ্ৰীয় মোডী চৰকাৰে চিন্তা কৰিবলৈ সক্ষম নহয় সাধাৰণ শ্ৰেণীৰ সুবিধা-অসুবিধাসমূহ৷ খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰে সাধাৰণ শ্ৰেণীৰ বিলাই বিপত্তি কৰা চৰকাৰে এইবাৰ পেট্ৰলিয়াম সামগ্ৰীৰ ক্ষেত্ৰতো পুনৰ মূল্যবৃদ্ধিৰ দিশলৈ ঠেলি দিছে সাধাৰণ শ্ৰেণীক৷

এটা সপ্তাহত পেট্ৰল-ডিজেলৰ মূল্য বৃ্দ্ধিয়ে চৰম সীমা অতিক্ৰম কৰাৰ পিছত মঙলবাৰে পুনৰ বৃদ্ধি হয় ইয়াৰ মূল্য৷ মঙলবাৰে গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্যত ৩১ পইচা বৃদ্ধি হৈ ৭৯.০৩ টকা হোৱা দেখা যায়৷ তাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলৰ দামত ২৮ পইচা বৃদ্ধি ঘটি ৭১.০৭ টকালৈ বৃদ্ধি পায়৷ 

দক্ষিণ এছিয়াৰ ভিতৰত ভাৰততে এতিয়া পেট্ৰল-ডিজেল দাম সৰ্বাধিক হোৱা পৰিলক্ষিত হৈছে৷ বিশ্বৰ বজাৰৰ দোহাই দি দাম বৃদ্ধি হোৱা বুলি তৈল সংস্থা সমূহে ক’ব বিচাৰে৷ ২০১৬ চনৰ পৰাই তেলৰ শুল্কও বৃদ্ধি কৰা হয়৷