70
ডিজিটেল ডেস্কঃ পাকিস্তানত বন্ধ কৰা হওক ফেশ্যন শ্ব’। এই দাবী লৈ ইছলমাবাদৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে এটি সংগঠন। উক্ত সংগঠনটোৰ মতে এই ধৰণৰ সৌন্দৰ্য্য প্ৰতিযোগিতাই হেনো পাকিস্তানত ভাৰতীয় সংস্কৃতিৰ প্ৰভাৱ বিস্তাৰ কৰি দেশখনক সাংস্কৃতিকভাৱে পংগু কৰি তুলিব।
ছুহাদা ফাউণ্ডেশ্যন নামৰ সংগঠনটোৰ সভাপতি তাৰিক আছাদে আবেদনখনত উল্লেখ কৰিছে যে ‘মিছ ভিট পাকিস্তান পেজেণ্ট’ ইছলাম তথা পাকিস্তানৰ মূল্যবোধৰ বিৰোধী।