newsnextone.com | ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ সন্ত কবীৰ নগৰত বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এখন জনসভাত অংশ লয়৷ প্ৰধনমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সন্ত কবীৰ মহোৎসৱত অংশ লোৱাৰ বাবে উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰি বিৰোধী দলক তীব্ৰ আক্ৰমণ কৰা পৰিলক্ষিত হয়৷ 

মোডীয়ে কয়, গাদীৰ লালসাত বিৰোধী একত্ৰিত হৈছে৷ যিয়ো এটা সময়ত জৰুৰীকাল বলৱৎ কৰিছিল, আৰু যিয়ে তাৰ বিৰোধিতা কৰিছিল, সেই সকলোবোৰেই এতিয়া শাসনৰ লালসাত একত্ৰিত হ’বলৈ ধৰিছে৷

মোডীয়ে অনুষ্ঠানত কয় যে বিৰোধীয়ে দেশৰ শান্তি আৰু উন্নয়নৰ বাবে গুৰুত্ব প্ৰদান কৰাৰ বিপৰীতে অশান্তি বিয়পাই ক্ষমতা লাভ কৰাৰহে চেষ্টা কৰিছে৷

ইফালে, প্ৰধানমন্ত্ৰীয়ে এছপিৰ অধ্যক্ষ অখিলেশ যাদৱ আৰু বিএছপিৰ অধ্যক্ষ মায়াৱতীক একেলগে আক্ৰমণ কৰি কয়, যিয়ে সমাজবাদ আৰু বহুজনৰ বিষয়ে মন্তব্য কৰে, জনতাই তেওঁলোকৰ গাত শাসনৰ লালস দেখিবলৈ পায়৷ তেওঁলোকৰ সমাজ কল্যাণৰ লগত কোনো সম্পৰ্ক নাই৷ তেওঁলোকে কেৱল নিজৰ আৰু পৰিয়ালৰ কল্যাণৰ বাবেই কাম কৰে৷

‘এয়া কেৱল শাসন লাভৰে লালসা যে এটা সময়ত জৰুৰীকাল বলৱৎ কৰা আৰু তাৰ বিৰোধিতা কৰাসকল আজি এক হ’বলৈ ওলাইছে৷ এনে লোক বাস্তৱিক সত্যৰ পৰা বহু দূৰত বাস কৰে আৰু এওঁলোকে সন্ত কবীৰ, মহাত্মা গান্ধী আৰু বাবা আম্বেদকাৰৰ বিষয়ে একো কথাই নাজানে৷’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মগহৰত সন্ত কবীৰৰ ৫০০তম পুণ্যতিথি উপলক্ষে আয়োজিত এক অনুষ্ঠানত বিৰোধীক আক্ৰমণ কৰি এনেদৰে কয়৷ 

মোডীয়ে কয়, ‘জনধন আঁচনিৰ আধাৰত উত্তৰ প্ৰদেশৰ প্ৰায় ৫ কোটি দৰিদ্ৰ লোকৰ বেংক একাউন্ট খুলি, ৮০ লাখৰো অধিক মহিলাক বিনামূলীয়া গেছ সংযোগ প্ৰদান কৰি, প্ৰায় ১.৭ কোটি দৰিদ্ৰ লোকক বীমা কবছ প্ৰদান কৰি, ১.২৫ কোটি শৌচালয় নিৰ্মাণ কৰি বিজেপি চৰকাৰে দৰিদ্ৰতা নিৰ্মূল কৰিবলৈ কাম কৰি গৈছে৷’

২০১৯ চনত পুনৰ জনতাৰ স্বাৰ্থত বিজপিক জনতাই শাসনাধিষ্ঠিত কৰিব বুলি দাবী কৰি মোডীয়ে আগন্তক কালত উত্তৰ প্ৰদেশৰ পৰা দৰিদ্ৰতা সম্পূৰ্ণ ভাৱে নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷