ৰিঅ’ ডি জেনেৰোঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ব্ৰিকছ সন্মিলনত কয় যে সন্ত্ৰাসবাদৰ বলি হোৱা লোক আৰু ইয়াৰ সমৰ্থকসকলক একে মানদণ্ডৰে বিচাৰ কৰিব নোৱাৰি আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰাৰ ক্ষেত্ৰত কোনো সংকোচ হ’ব নালাগে। শান্তি আৰু নিৰাপত্তা সম্পৰ্কীয় অধিৱেশনত তেওঁ এই মন্তব্য কৰে।
পেহেলগাম সন্ত্ৰাসবাদীৰ কাপুৰুষ আক্ৰমণ ভাৰতৰ “আত্মা, পৰিচয় আৰু মৰ্যাদা”ৰ ওপৰত প্ৰত্যক্ষ আঘাত বুলি উল্লেখ কৰি মোদীয়ে সন্ত্ৰাসবাদৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ ঐক্যবদ্ধ প্ৰচেষ্টাৰ আহ্বান জনায়।