কলকাতাঃ লক্ষ্য লোক সভা নিৰ্বাচন৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পশ্চিমবংগত আৰম্ভ কৰিলে নিৰ্বাচনী প্ৰচাৰ৷  শনিবাৰে ৰাজ্যখনৰ কেইবাটাও চৰকাৰী কাৰ্যসূচীৰ লগতে দুখনকৈ প্ৰচাৰ সভাত অংশ ল’লে মোডীয়ে৷ 

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ বিৰুদ্ধে তীব্ৰতৰ প্ৰতিবাদ হৈ থকাৰ পাছতো বিধেয়কখনক লৈ ৰাজনীতি কৰিবলৈ এৰা নাই শাসকীয় বি জে পিয়ে৷ 

পশ্চিমবংগৰ ঠাকুৰনগৰত আয়োজিত এক নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী মোডীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখনক চুবুৰীয়া ৰাষ্ট্ৰত নিগৃহীত হোৱা হিন্দু, শিখ, পাৰ্চীয়ান, বৌদ্ধ আৰু খ্ৰীষ্টিয়ানৰ বাবে কৰা হৈছে বুলি মন্তব্য কৰে৷ এই সংশোধনী বিধেয়কক ৰাজ্য সমৰ্থন জনাবলৈ তেওঁ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীকো আহ্বান জনায়৷ 

স্বাধীনতাৰ পাছত বহু মানুহ তেওঁলোক য’ত আছিল তাতেই আছে৷ কিন্তু তেওঁলোকৰ ওপৰত চলা অত্যাচাৰৰ বাবে তেওঁলোকে ভাৰতলৈ ঘূৰি আহিছে৷ এনে হিন্দু, বৌদ্ধ, শিখ, পাৰ্চী আৰু খ্ৰীষ্টিয়ানে ভাৰতৰ বাহিৰে আন দেশলৈ যাবলৈ ঠাই নাই৷ সেয়ে, আমি নাগৰিকত্ব আনৰ সংশোধনী আনিছোঁ বুলি তেওঁ মত প্ৰকাশ কৰে৷ 

প্ৰধানমন্ত্ৰী মোডীয়ে ভাষণ প্ৰদান কৰা ঠাকুৰনগৰ বি জে পিৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ এই অঞ্চলটোত ৫০ৰ দশকত তেতিয়াৰ পূব-পাকিস্তানৰপৰা ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ অহা মাটুৱা সম্প্ৰদায়ৰ লোকে বাস কৰে৷ 

মন কৰিবলগীয়া যে পশ্চিমবংগত মাটুৱা সম্প্ৰদায়ৰ প্ৰায় ৩০ লাখ লোক আছে আৰু সম্প্ৰদায়টোৱে অন্ততঃ ৫ খন লোকসভা আসনত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম৷