মুকালমুৱা আৰক্ষী থানাত আৰক্ষীৰ আত্মহত্যা

 | by NNO Correspondent  |  0
Printer-friendly version

নলবাৰীঃ ভোগালী বিহুৰ সময়ত এক দুখবৰ। আজি মুকালমুৱা আৰক্ষী চকীত কৰ্মৰত আৰক্ষী উপ-পৰিদৰ্শক কিশোৰ কুমাৰ দাসে মুকালমুৱা থানাৰ চৌহদত থকা নিজা কোৱাটাৰত আত্মহত্যা নিজৰ চাৰ্ভিছ ৰিভলভাৰেৰে মুৰত গুলি কৰি আত্মহত্যা কৰে বুলি জানিব পৰা গৈছে৷ উপ-পৰিদৰ্শক কিশোৰ কুমাৰ দাসৰ আত্মহত্যাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই৷ 

মৃত আৰক্ষী উপ-পৰিদৰ্শক গৰাকীৰ ঘৰ নগাঁও জিলাত বুলি জানিব পৰা গৈছে। ইতিমধ্যে  ঘটনাৰ তদন্ত আৰম্ভ কৰিছে মুকালমুৱা আৰক্ষীয়ে। মৃতদেহটো মুকালমুৱা চিকিৎসালয়ৰ চিকিৎসকে মৰনোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী লৈ প্ৰেৰণ কৰিছে।