internet
internet

newsnextone.com | ডিজিটেল ডেস্কঃ তেওঁৰ পিতৃক নিচিনা মানুহ ভাৰতত বহু কম সংখ্যাক লোক ওলাব৷ কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বৰ একাংশ লোকে জানে তেওঁৰ পিতৃক৷ শৈশৱৰ পৰাই ৰাজনীতি ওচৰৰ পৰা দেখিছে যদিও ৰাজনীতিৰ বিপৰীতে তেওঁৰ এগৰাকী ক্ৰিকেট খেলুৱৈই হোৱাৰ মন আছিল৷ 

কিয়নো তেওঁৰ পিতৃ এগৰাকী ভূতপূৰ্ব ৰেল মন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী, মাতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী৷ লাহে লাহে তেওঁৰ পিতৃৰ নেতৃত্বত চলি থকা দলটোৰ জনপ্ৰিয়তা আৰু সাংসদ-বিধায়কৰ সংখ্যা কমি আহিছিল৷ এটা সময়ত পিতৃৰ নেতৃত্বৰ দলটো নিশ্চিহ্ন হ’ব বুলি আশংকা কৰি হৈছিল৷ ঘটনাক্ৰমে পিতৃয়ে বাৰে বাৰে জেলত আবদ্ধ হ’ব লগা হোৱাৰ সময়তে খেলপথাৰ এৰিব লগা হ’ল তেওঁ৷ অনানুষ্ঠানিক ভাবে দায়িত্ব ললে পিতৃৰ নেতৃত্বৰ দলটোৰ৷ 

২০১৫ চনত পিতৃৰ সৈতে লগলাগি জীৱনৰ প্ৰথমটো বিধানসভা নিৰ্বাচনত নামি পৰে তেওঁ৷ সেইটো নিৰ্বাচনতে নেতাৰ ৰূপত প্ৰকাশ লাভ কৰে৷ প্ৰতিদিনে সভা, সমিতিত উদাত্ত ভাষণ৷ দিনেই নিশেই প্ৰচাৰ৷ একে খন মঞ্চত ডাঙৰ  ডাঙৰ নেতাৰ সৈতে ভাষণ প্ৰদান কৰি চৰ্চালৈ আহবি ধৰে৷ নিৰ্বাচন পাৰ হ’ল ফলাফল ওলাল৷ নিৰ্বাচনত নিজেই জয়ী হোৱাৰ লগতে ভাতৃকো জয়ী কৰিবলৈ সক্ষম হ'ল৷ ইমানে নহয় ৮০ গৰাকী বিধায়কক নিৰ্বাচনত জয়ী কৰাই ৰাজ্য খনৰ বেছি সংখ্যাক বিধায়ক থকা দল হৈ পৰে৷ 

হয়, লালু প্ৰসাদ যাদৱৰ তনয় তেজস্বী যাদৱৰ কথাকেই কৈছো৷ ১৯৮৯ চনত জন্ম গ্ৰহণ কৰা তেজস্বীয়ে ২০১৫ চনৰ ২০ নৱেম্বৰত বিহাৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে৷ প্ৰায় ২০ মাহ কাল কাৰ্যনিৰ্বাহ কৰাৰ পিছত তেজস্বীৰ বিৰুদ্ধে আয়তকৈ বেছি ধন আহৰণৰ অভিযোগ উত্থাপন হয়৷ বিহাৰৰ মুখ্যমন্ত্ৰী নিতীশ কুমাৰে চৰকাৰৰ অচলাৱস্থাৰ উমান পাই নিশাৰ ভিতৰতে লালু যাদৱৰ দল তথা তেজস্বীৰ দল আৰজেডিক এৰি বিজেপিৰ সৈতে চৰকাৰ গঠন কৰে৷ 

চৰকাৰ গঠন কৰাৰ পিছত বিধানসভাৰ বিৰোধী দলপতি হৈ পৰে তেজস্বী৷ তেজস্বীয়ে বিৰোধী দলপতি হিচাপে দিয়া প্ৰথমটো ভাষণতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দৃষ্টিত পৰে৷ চৰকাৰক আৰু তেওঁলোকৰ দলক এৰি থৈ যোৱা জেডিইউ দলক যুক্তিসংগতভাৱ সমালোচনা কৰি বিধানসভাৰ মজিয়াত থকা-সৰকা কৰে৷ আৰু এই ভিডিঅ’টোৱে ছচিয়েল মিডিয়াত ব্যপক চৰ্চা লাভ কৰে৷ 

শেহতীয়াকৈ বিজেপি বিৰোধী দল সমূহে একত্ৰিত হৈ আগন্তক নিৰ্বাচনত অৱৰ্তীৰ্ণ হোৱাৰ যো-জা চলাই থকাত তেজস্বীৰো এক ভূমিকা থাকিব বুলি খবৰ ওলাইছে৷ ছোনীয়া গান্ধীৰ দিয়ে নৈশ ভোজ, বিজেপিৰ সাংসদ শত্ৰুঘ্ন সিনহাই আহ্বান কৰা সভাত আমন্ত্ৰিত হৈছিল তেজস্বী যাদৱ৷ 

দেশৰ নতুন ৰাজনীতিত তেজস্বী বৰ্তমানৰ এটা চৰ্চিত নাম৷ বিৰোধীক তীক্ষ্ন আক্ৰমণ আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সঘনাই চৰকাৰৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অহা এগৰাকী যুৱ ৰাজনীতিক৷ তেজস্বীৰ বিৰুদ্ধে ব্যপক দুৰ্নীতি সংঘটিত কৰি ধন আহৰণ কৰাৰ অভিযোগ থকাৰ লগতে কেইবাটাও গোচৰ ৰুজু হৈ আছে৷ তেজস্বীৰ ঘৰত বিহাৰ আৰক্ষীয়ে অভিযানো চলাইছিল৷     

মাত্ৰ ২ বছৰ হৈছে সক্ৰিয় ৰাজনীতিৰ সৈতে জড়িত হোৱাৰ৷ কিন্তু যিধৰণে তেওঁ দলক কঠিন প্ৰত্যাহ্বানৰ মুখৰ পৰা জয়ুযুক্ত কৰি আনিবলৈ সক্ষম হৈছে, সকলোৱে একেমুখে স্বীকাৰ কৰিবলৈ বাধ্য হৈছে সক্ৰিয় ৰাজনীতিত জড়িত হ’বলৈ বেছি দিন হোৱা নাই যদিও পিতৃৰ দৰেই এদিন জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰে বিহাৰৰ ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তথা লালু পুত্ৰ তেজস্বী যাদৱ৷ 

জেপিৰ শিষ্য লালুৱে নব্বৈৰ দশকত বিহাৰত আদৱানীৰ বিজয়োল্লাস ৰুদ্ধ কৰি জাতীয় ৰাজনীতিত আলোচ্য নাম হৈ পৰিছিল৷ লালুৰ পুত্ৰও এতিয়া সেই একেই পথেৰে গতি কৰা পৰিলক্ষিত হৈছে৷ ৰাজনৈতিক বিশ্লেষকসকলৰ মতে তেজস্বীৰ মাজত কম সময়ত যিমান ৰাজনৈতিক পৰিস্থিতিৰ সন্মুখিন হৈছে, সিয়ে এদিন তেওঁক ৰাজনীতিৰ উচ্চতালৈ লৈ যাব৷

খুৰাকৰ সৈতে লগ লাগি বিহাৰৰ উপ-নিৰ্বাচনত তেজস্বীয়ে জোকিহাট আসন হস্তগত কৰিবলৈ সক্ষম হয়৷ জোকিহাট সমষ্টিত আৰজেডিৰ সৈ সংখ্যালঘু প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল৷ ফল হিচাপে, লালুৰ জেলযাত্ৰা, দুৰ্নীতি, চিবিআই তদন্ত আদি কোনো বিষয়েই ভোটাধিকাৰৰ ওপৰত চাপ পেলাবলৈ সক্ষম নহ’ল৷ 

ভোটাৰে হাত উজান দি আৰজেডি প্ৰাৰ্থীক প্ৰদান কৰাত আৰজেডি প্ৰাৰ্থী শ্বাহনৱাজ আলমে জেডিএউৰ প্ৰাৰ্থী মুৰশ্বিদ আলমক প্ৰায় ৪০ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ এই বিজয়ৰ পিছতে তেজস্বীয়ে ‘এয়া লালুবাদৰ জয়’ বুলি মন্তব্য কৰে৷

ৰাজনৈতিক মহলৰ মতে, তেজস্বীয়ে ৰাজনীতিত চতুৰালি দেখুৱাবলৈ সক্ষম হৈছে৷ লালু প্ৰসাদ যাদৱ ৰাজনীতিৰ পৰা দূৰত থকাৰ পিছতো পিতৃৰ আদৰ্শেৰে যাতে আৰজেডি ধৰ্মনিৰপেক্ষ আৰু নিম্ন বৰ্গৰ বাবে কাম কৰা দল, সেয়া প্ৰতিপন্ন কৰোৱাত তেজস্বী সফল হৈছে৷ লালুৰ ৰাজনৈতিক আদৰ্শেৰে তেজস্বীয়ে ৰাজনীতি জীৱনত আগবাঢ়ি গৈছে৷

উল্লেখ্য যে, ২০১৫ বৰ্ষত লালু প্ৰসাদৰ কনিষ্ঠ পুত্ৰ তেজস্বীয়ে ৰাজনীতিত খোজ পেলায়৷ মাতৃৰ এসময়ৰ নিৰ্বাচনী সমষ্টি ৰাঘোপুৰৰ পৰা নিৰ্বাচনী প্ৰতিদ্বন্দ্বীতা কৰি তেজস্বীয়ে বিজয় লাভ কৰে৷ উল্লেখ্য যে, ৰাঘোপুৰ সমষ্টি ২০১০ চনত বিজেপিৰ হাতলৈ গৈছিল৷ ২০১৫ৰ নিৰ্বাচনত বিজেপি প্ৰাৰ্থীক পৰাজিত কৰি তেজস্বীয়ে মাতৃৰ পৰাজয়ৰ পোতক লবলৈ সক্ষম হয়৷