newsnextone.com | ডিজিটেল ডেস্কঃ তেওঁৰ পিতৃক নিচিনা মানুহ ভাৰতত বহু কম সংখ্যাক লোক ওলাব৷ কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বৰ একাংশ লোকে জানে তেওঁৰ পিতৃক৷ শৈশৱৰ পৰাই ৰাজনীতি ওচৰৰ পৰা দেখিছে যদিও ৰাজনীতিৰ বিপৰীতে তেওঁৰ এগৰাকী ক্ৰিকেট খেলুৱৈই হোৱাৰ মন আছিল৷
কিয়নো তেওঁৰ পিতৃ এগৰাকী ভূতপূৰ্ব ৰেল মন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী, মাতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী৷ লাহে লাহে তেওঁৰ পিতৃৰ নেতৃত্বত চলি থকা দলটোৰ জনপ্ৰিয়তা আৰু সাংসদ-বিধায়কৰ সংখ্যা কমি আহিছিল৷ এটা সময়ত পিতৃৰ নেতৃত্বৰ দলটো নিশ্চিহ্ন হ’ব বুলি আশংকা কৰি হৈছিল৷ ঘটনাক্ৰমে পিতৃয়ে বাৰে বাৰে জেলত আবদ্ধ হ’ব লগা হোৱাৰ সময়তে খেলপথাৰ এৰিব লগা হ’ল তেওঁ৷ অনানুষ্ঠানিক ভাবে দায়িত্ব ললে পিতৃৰ নেতৃত্বৰ দলটোৰ৷