05:26 PM ৪ বজাত নিৰ্বাচন সমাপ্ত হয়৷ তিনি মাৰ্চত অনুষ্ঠিত হ’ব ভোট গণনা৷ 05:06 PM নাগালেণ্ডত ৬৯ শতাংশ লোকে ভোটদান কৰে৷ মেঘালয়ত ৬৭ শতাংশ লোকে ভোটদান কৰে৷ ৪ বজাৰ লগে লগে ভোটদান সমাপ্ত হয়৷ মেঘালয়ৰ একাংশ ভোট কেন্দ্ৰত সময় বৃদ্ধি কৰা হৈছে৷ 04:51 PM মেঘালয় বিজেপিয়ে নিৰ্বাচন আয়োগক এটি এফএমৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে৷ আপত্তিজনক কথা প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন কৰে৷ 04:30 PM অৰ্ধসামৰিক বাহিনীয়ে মেঘালয়ত ভোটাৰক সম্পূৰ্ণ সহায় আগবঢ়াই আহিছে৷ 03:30 PM মেঘালয়ত ২ বজালৈকে ৩৫ শতাংশ লোকে ভোটদান সাব্যস্ত কৰে৷ ইভিএম বিসংগতিৰ বাবে ভোটদানত প্ৰভাৱ পৰে৷ 02:10 PM নাগালেণ্ড নিৰ্বাচন আয়োগৰ মতে, ১ বজালৈকে ৫৬ শতাংশ লোকে ভোটদান সাব্যস্ত কৰে। 02:04 PM মেঘালয়ৰ মুখ্যমন্ত্ৰী মুকুল চাংমাই নিজ সমষ্টিৰ ২৫ নং ভোট কেন্দ্ৰত ভোদ দিয়ে। 02:10 PM নাগালেণ্ডৰ আকলুটত NPF আৰু NDPPৰ মাজত সংঘাতৰ সৃষ্টি হয়। প্ৰথমে দুয়ো দলৰ সমৰ্থকৰ মাজত হতাহতি লাগে যদিও পিছত দুয়ো দলৰ সমৰ্থকৰ মাজত গুলীয়াগুলী লাগে। ফলত এজন লোকৰ মৃত্যু হয় আৰু প্ৰায় ৪ জন লোক আহত হয়। 01:18 AM মেঘালয় বিজেপিৰ সভাপতি চিবুন লিংডই ভোট প্ৰদান কৰে৷ 12:48 PM নাগালেণ্ডত ১১৪গৰাকী প্ৰাৰ্থীয়েই কোটি পতি৷ নগালেণ্ডত ১৯৩গৰাকী প্ৰাৰ্থীৰ মনোনয়নৰ সৈতে গাঁঠি দিয়া তথ্যৰ সমীক্ষা চলাই এক প্ৰতিবেদন প্ৰস্তুত কৰিছিল এচছিয়েছন অৱ ডেমক্ৰেটিক ৰিফৰ্ম নামৰ অনুষ্ঠানটোৱে৷ সকলোতকৈ প্ৰতিপত্তিশীল প্ৰাৰ্থীগৰাকী হ’ল জেডিইউৰ ৰামাংগ লথা৷ ৰামাংগ লথাৰ মুঠ সম্পত্তিৰ পৰিমাণ হ’ল ৩৯ কোটি৷ প্ৰাক্তন আইএএছগৰাকীয়ে এইবাৰ চানিছ বিধান সভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে৷ 12:45 PM যোৱা কেইবাটাও দিনত উত্তৰ পূৰ্বাঞ্চল ভৰি পৰিছিল ৰাষ্ট্ৰীয় নেতাৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা আৰম্ভ কৰি যুৱৰাজ ৰাহুল গান্ধীলৈকে সকলোৱে মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ ওপৰত চকু ৰাখিছিল৷ ৰাজপাট দখল কৰিবলৈ উঠি-পৰি লাগি শাসক আৰু বিৰোধিয়ে ন’ ন’ প্ৰতিশ্ৰুতি লৈ ভোটাৰৰ কাষ চাপে৷ 12:00 AM ১১ বজালৈ মেঘালয়ত ৪১ শতাংশ আৰু নাগালেণ্ডত ৩৮ শতাংশ লোকে ভোটদান সাব্যস্ত কৰে৷ 11:41 AM নাগালেণ্ডৰ মুখ্যমন্ত্ৰী টি আৰ জিলিয়াঙে ভোটদান কৰি কয়, আমি আশা কৰিছো ভোটদান শান্তিপূৰ্ণ হ’ব আৰু আমি সংখ্যাগৰিষ্ঠতা লাভ কৰিম৷ আমি সকলোৱে বিচাৰো ৰাজ্যত শান্তি স্থাপন হ’ব আৰু নগা সমস্যা সমাধান হ’ব৷ 11:35 AM অসম-নাগালেণ্ড সীমান্তৰ ভোট কেন্দ্ৰত ভোটাৰ কমকৈ ওলাই অহা পৰিলক্ষিত হৈছে৷ ফ্ৰেমৱৰ্ক চুক্তিৰ পিছৰে পৰা উত্তেজনাই বিৰাজ কৰি আছিল অঞ্চল সমূহত৷ 11:10 AM মেঘালয়ৰ ৰাজ্যপাল গংগা প্ৰসাদে নৰ্থ শ্বিলঙৰ আকলড ভোট কেন্দ্ৰত ভোটদান কৰে৷ 11:00 AM ৩ মাৰ্চত মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাত ভোট গণনা অনুষ্ঠিত হ’ব৷ নাগালেণ্ড আৰু মেঘালয় বিধান সভাৰ কাৰ্যকাল ৬ মাৰ্চত সমাপ্ত হ’ব৷ 11:00 AM নাগালেণ্ড আৰু মেঘালয়ৰ নিৰ্বাচনত মহিলা প্ৰাৰ্থীৰ সংখ্যা একেবাৰে কম৷ নাগালেণ্ডত এতিয়ালৈ কোনো মহিলাই বিধানসভা নিৰ্বাচনত জয়ী হৈ বিধানসভালৈ যোৱা নাই৷ নাগালেণ্ডত ৫গৰাকী মহিলা আৰু মেঘালয়ত ৩২গৰাকী মহিলাই নিৰ্বাচনত বিভিন্ন দলৰ পৰা থিয় দিছে৷ 10:30 মেঘালয়ৰ ৰাজধানী শ্বিলংত একাংশ ভোট কেন্দ্ৰত EVMৰ বিসংগতিৰ বাবে বহু পলমকৈ ভোটদান অনুষ্ঠিত হয়৷ EVMৰ বিসংগতি আতৰ হোৱাৰ পিছত পুনৰ ভোটদান আৰম্ভ হয়৷

10:00 AM প্ৰধানমন্ত্ৰীৰ টুইট,  মই মেঘালয় আৰু নাগালেণ্ডৰ জনসাধৰণক অধিক সংখ্যাক লোকক ভোটদান কৰিবলৈ আহ্বান জনাইছো।

I urge the people of Meghalaya and Nagaland to vote in large numbers in the Assembly Elections taking place today.

— Narendra Modi (@narendramodi) February 27, 2018

 

 

08:00 AM মেঘালয়ত পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচনৰ ভোটদান৷ এইপৰ্যন্ত ২২ শতাংশ ভোটাৰে ভোটদান কৰিছে। ঠায়ে ঠায়ে EVM বিসংগতি হোৱাৰ খবৰ আহিছে৷ মঙলবাৰে EVMত বন্দী হ’ব মেঘালয়ৰ ৩৬১গৰাকী প্ৰাৰ্থীৰ ভাগ্য। 

08:20 AM আনহাতে, মঙলবাৰে পুৱাৰে পৰা নাগালেণ্ড আৰু মেঘালয়ত ভোটদান আৰম্ভ হৈছে। নাগালেণ্ড বিধান সভাৰ ৫৯টা সমষ্টিত ভোটদান অনুষ্ঠিত হৈছে। পুৱা ৭টা বজাৰ পৰা অনুষ্ঠিত হোৱা ভোটাদানত পুৰুষ-মহিলা ওলাই আহি লাইনত থিয় দিয়া পৰিলক্ষিত হৈছে।

09:00 AM কেইবাটাও বিদ্ৰোহী সংগঠন সক্ৰিয় হৈ থকা নাগালেণ্ডত ভোটদানৰ সময়ছোৱাৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। নাগালেণ্ড প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে মুঠ ২,১৫৬টা ভোট কেন্দ্ৰৰ ভিতৰত ১০৬২ স্পৰ্শকাতৰ ৰূপে চিহ্নিত কৰি নিৰাপত্তাৰক্ষী বৃদ্ধি কৰে। ইতিমধ্যে NDPP প্ৰধান নেফিউ ৰিঅ’ বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হয়। ১১,৭৬,৪৩২গৰাকী ভোটাৰে নিৰ্ণয় কৰিব নাগালেণ্ডৰ ৫৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

07:00 AM মঙলবাৰে পুৱাৰে পৰা নাগালেণ্ড আৰু মেঘালয়ত ভোটদান আৰম্ভ হৈছে। নাগালেণ্ড বিধান সভাৰ ৫৯টা সমষ্টিত আৰু মেঘালয় বিধান সভাৰ ৫৯টা সমষ্টিত ভোটদান অনুষ্ঠিত হৈছে। পুৱা ৭টা বজাৰ পৰা অনুষ্ঠিত হোৱা ভোটাদানত পুৰুষ-মহিলা ওলাই আহি লাইনত থিয় দিয়া পৰিলক্ষিত হৈছে। কেইবাটাও বিদ্ৰোহী সংগঠন সক্ৰিয় হৈ থকা নাগালেণ্ডত ভোটদানৰ সময়ছোৱাৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে।